পাকিস্তানী সাংবাদিকৰ সৈতে ভাইৰেল ভিডিঅ'; ইণ্ডিয়ান আইডলৰ পৰা বিশাল দাদলানীক অপসাৰণৰ দাবী

পাকিস্তানী সাংবাদিকৰ সৈতে ভাইৰেল ভিডিঅ’; ইণ্ডিয়ান আইডলৰ পৰা বিশাল দাদলানীক অপসাৰণৰ দাবী

ধূৰন্ধৰ ২ ৰ সন্দৰ্ভত সমালোচনামূলক পোষ্টৰ পিছত এইবাৰ বিশাল দাদলানীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ফলত ছ’চিয়েল মিডিয়াত ৰাইজে তেওঁক ‘ইণ্ডিয়ান আইডল’ৰ পৰা আঁতৰাই দিবলৈ দাবী জনাইছে। ভাৰতীয় গায়ক তথা সংগীত সুৰকাৰ বিশাল দাদলানীয়ে তেওঁৰ বক্তব্যৰ বাবে প্ৰায়ে বিতৰ্কৰ মাজত সোমাই পৰে।কিন্তু শেহতীয়াকৈ এগৰাকী পাকিস্তানী সাংবাদিকৰ

ধূৰন্ধৰ ২ ৰ সন্দৰ্ভত সমালোচনামূলক পোষ্টৰ পিছত এইবাৰ বিশাল দাদলানীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ফলত ছ’চিয়েল মিডিয়াত ৰাইজে তেওঁক ‘ইণ্ডিয়ান আইডল’ৰ পৰা আঁতৰাই দিবলৈ দাবী জনাইছে।

ভাৰতীয় গায়ক তথা সংগীত সুৰকাৰ বিশাল দাদলানীয়ে তেওঁৰ বক্তব্যৰ বাবে প্ৰায়ে বিতৰ্কৰ মাজত সোমাই পৰে।কিন্তু শেহতীয়াকৈ এগৰাকী পাকিস্তানী সাংবাদিকৰ সৈতে তেওঁৰ সাক্ষাৎকাৰৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈছে।

ছ’চিয়েল মিডিয়াত ‘ইণ্ডিয়ান আইডল’ শ্ব’ৰ পৰা কণ্ঠশিল্পীগৰাকীক অপসাৰণ কৰাৰ দাবী উত্থাপন হৈছে। ব্যৱহাৰকাৰীসকলে কৈছে যে বিশাল এজন দেশদ্ৰোহী আৰু শ্ব’টোৰ বিচাৰক হিচাপে এনে এজন গায়ক থাকিব নালাগে। দৰাচলতে বিশাল দাদলানীক পাকিস্তানী সাংবাদিক ছাফিনা খানৰ সৈতে দেখা গৈছিল। ভিডিঅ’টোত ছাফিনা খানে বিশাল দাদলানীক প্ৰশংসা কৰিছে, আনহাতে বিশাল দাদলানীয়েও তেওঁক ধন্যবাদ দিছে।

ছাফিনা খান কোনো সাধাৰণ সাংবাদিক নহয়, তেওঁৰ ওপৰত আই এছ আইৰ সৈতে জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে। দুয়োকে একেলগে দেখাৰ লগে লগে ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিশালৰ সমালোচনা আৰম্ভ হৈছিল, সেয়েহে তেওঁক ইণ্ডিয়ান আইডল অনুষ্ঠানৰ পৰা আঁতৰোৱাৰ দাবী এতিয়া তীব্ৰতৰ হৈ পৰিছে।

ব্যৱহাৰকাৰীসকলে কয় যে যদি চনী টিভিয়ে গায়কজনক শ্ব’টোৰ পৰা আঁতৰাই নিদিয়ে তেন্তে শ্ব’টো বৰ্জন কৰা হ’ব। ছ’চিয়েল মিডিয়াত বিশাল দাদলানীৰ বিৰুদ্ধে পাকিস্তানী সৈতে সংযোগ থকা আৰু দেশৰ সাৰ্বভৌমত্বক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: ধন্যবাদ, কেপ্তেইন; বিৰাট কোহলীক সাক্ষাৎ কৰি জয়দীপ আহলাৱতৰ বিশেষ পোষ্ট

শেহতীয়া প্ৰৱন্ধসমূহ