বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; অনুষ্ঠিত নকৰে আই পিএ ল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান

বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; অনুষ্ঠিত নকৰে আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান

২৮ মাৰ্চত এম চিন্নাস্বামী ষ্টেডিয়ামত আৰ চি বি আৰু এছ আৰ এইচৰ মাজত আই পি এলৰ ১৯ সংখ্যক সংস্কৰণৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব ।কিন্তু তাৰ পূৰ্বে বিচিচিআই এ আই পি এল ২০২৬ ক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰে। আই পি এল ২০২৬ ৰ প্ৰথমখন মেচ

২৮ মাৰ্চত এম চিন্নাস্বামী ষ্টেডিয়ামত আৰ চি বি আৰু এছ আৰ এইচৰ মাজত আই পি এলৰ ১৯ সংখ্যক সংস্কৰণৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব ।কিন্তু তাৰ পূৰ্বে বিচিচিআই এ আই পি এল ২০২৬ ক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰে।

আই পি এল ২০২৬ ৰ প্ৰথমখন মেচ ২৮ মাৰ্চত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব। এই খেলখন সন্ধিয়া ৭:৩০ বজাৰ পৰা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰম্ভ হ’ব।কিন্তু এইবাৰ আই পি এলত কোনোধৰণৰ উদ্বোধনী অনুষ্ঠান নাথাকিব। বিচিচিআইৰ সম্পাদন দেৱজিৎ শইকীয়াই এই কথা নিশ্চিত কৰিছে।

বিগত বৰ্ষৰ ৪ জুনত আৰ চি বিৰ বিজয় পেৰেডৰ সময়ত এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপৃষ্ট হৈ ১১ জন লোকৰ মৃত্যু হৈছিল।তেওঁলোকৰ প্ৰতি সংবেদনশীলতা, স্মৃতি, আৰু সন্মান প্ৰদৰ্শন কৰি বিচিচিআইয়ে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে।যোৱা বছৰ আৰ চি বিয়ে পঞ্জাব কিংছক পৰাস্ত কৰি প্ৰথমটো আই পি এল খিতাপ দখল কৰিছিল।

বি চি চি আইয়ে শনিবাৰে, আই পি এলৰ প্রথমখন খেলৰ পূর্বে কোনো ধৰণৰ উদযাপন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে৷অৱশ্যে বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে বিচিচিআই আৰু আইপিএল গভৰ্নিং কাউন্সিলে আইপিএল ২০২৬ৰ ভৱ্য সামৰণি অনুষ্ঠানৰ পৰিকল্পনা কৰিছে।

দেৱজিৎ শইকীয়াই কয়, “যোৱা বছৰৰ ৪ জুনত সংঘটিত হোৱা কৰুণ ঘটনাৰ বাবে, আই পি এল ২০২৬ৰ মুকলি দিনটোত কোনো ধৰণৰ আনুষ্ঠানিক অনুষ্ঠান নাথাকিব।বিচিচিআইয়ে কোনো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা নাই। অৱশ্যে আই পি এলৰ ফাইনেলৰ দিনটোত বি চি চি আইয়ে এক বৃহৎ সামৰণি অনুষ্ঠানৰ পৰিকল্পনা কৰিবও পাৰে।

মন কৰিবলগীয়া যে অহা ৩১ মে’ত আই পি এল ২০২৬ৰ ফাইনেল অনুষ্ঠিত হ’ব।১০টা দলৰ এই লীগৰ বাবে বিচিচিআইয়ে এতিয়ালৈকে মাত্ৰ ২০খন খেলৰ সময়সূচীহে ঘোষণা কৰিছে।

লগতে পঢ়ক: ভাৰতৰ প্ৰস্তুতিৰ পৰা ৰোহিত-কোহলী ফেক্টৰলৈ… কেতিয়া, ক’ত আৰু কিয় বিশেষ হ’ব এদিনীয়া বিশ্বকাপ ?