জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ । নেৰানেপেৰা বৰষুণকো নেওচি এই যাত্ৰাত বিশাল জনসমাগম ।
২৩ মাৰ্চৰ পৰা ‘জন আশীৰ্বাদ যাত্ৰা’ৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা এই যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । নেৰানেপেৰা বৰষুণকো নেওচি এই যাত্ৰাত বিশাল জনসমাগম পৰিলক্ষিত হয় । হিলদল ভাঙি মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ জন আশীৰ্বাদ যাত্ৰাত পৰিলক্ষিত হয় জনসমুদ্ৰ ।
পশ্চিম গুৱাহাটীৰ অটল উদ্যানৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা আদাবাৰী তিনিআলি, পাণ্ডু পৰ্ট ৰোড, পাণ্ডু বৰবজাৰ, মালিগাঁও চাৰিআলি, ৰে’লৱে হাস্পতাল আৰু গোঁসাইপাৰা বাসন্তী পূজা মণ্ডপৰ মাজেৰে পাৰ হয় । এখন বাহনৰ ওপৰত উঠি মুখ্যমন্ত্ৰী ড০ শৰ্মাই পথৰ কাষত থকা লোকসকলক সম্ভাষণ জনায় ।
চাৰিদিনীয়া এই যাত্ৰাই ২৪ মাৰ্চত সৰভোগ আৰু ভৱানীপুৰ, ২৫ মাৰ্চত হোজাই, লামডিং আৰু নগাঁও আৰু ২৬ মাৰ্চত গোলকগঞ্জ, অভয়াপুৰী, বৰপেটা আৰু বজালী সামৰি ল’ব । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ দৃষ্টিভংগী, সাফল্য আৰু সাংগঠনিক লক্ষ্যসমূহ পোনপটীয়াকৈ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা কৰিছে বিজেপিয়ে ।
উল্লেখ্য য়ে, যাত্ৰাৰ প্ৰথম পৰ্যায় ৯ মাৰ্চত সমাপ্ত হৈছিল । প্ৰথম পৰ্যায়ৰ যাত্ৰাই অসমৰ ৩৪ টা বিধানসভা সমষ্টি সামৰি লৈছিল । যোৱা ২৮ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা আৰম্ভ হোৱা এই অভিযান ৰাজ্যখনত বিজেপিৰ একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশ ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে ঘোষণা কৰিছিল যে ২৪ মাৰ্চৰ পৰা ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব । ২৮ মাৰ্চৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য ৰাষ্ট্ৰীয় নেতাসকলে প্ৰচাৰ চলাব বুলি জানিবলৈ দিয়ে তেওঁ ।
ইফালে সোমবাৰে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ বিপৰীতে ২৪ মাৰ্চত পৰীক্ষণ আৰু ২৬ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে । ১২৬ জনীয়া অসম বিধানসভাৰ বাবে নিৰ্বাচন ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব ।
লগতে পঢ়ক : নিৰ্বাচনী শক্তি প্ৰদৰ্শনেৰে অন্তিম দিনটোত বহু হেভীৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন









