হৰমুজত যুদ্ধজাহাজ মোতায়েন : ট্ৰাম্পৰ আহ্বানৰ প্ৰত্যুত্তৰ দিলে ভাৰতে

হৰমুজত যুদ্ধজাহাজ মোতায়েন : ট্ৰাম্পৰ আহ্বানৰ প্ৰত্যুত্তৰ দিলে ভাৰতে

ভাৰতে হৰমুজ প্ৰমালীৰ মাজেৰে জাহাজৰ নিৰাপদ গতি নিশ্চিত কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে কোনো দ্বিপাক্ষিক আলোচনা কৰা নাই সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে হৰমুজ প্ৰমালীৰ মাজেৰে জাহাজৰ নিৰাপদ গতি নিশ্চিত কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে কোনো দ্বিপাক্ষিক আলোচনা কৰা নাই । গুৰুত্বপূৰ্ণ জলপথটো মুকলি কৰি

ভাৰতে হৰমুজ প্ৰমালীৰ মাজেৰে জাহাজৰ নিৰাপদ গতি নিশ্চিত কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে কোনো দ্বিপাক্ষিক আলোচনা কৰা নাই

সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে হৰমুজ প্ৰমালীৰ মাজেৰে জাহাজৰ নিৰাপদ গতি নিশ্চিত কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে কোনো দ্বিপাক্ষিক আলোচনা কৰা নাই । গুৰুত্বপূৰ্ণ জলপথটো মুকলি কৰি ৰাখিবলৈ কেইবাখনো দেশক যুদ্ধ জাহাজ নিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ পিছতে ভাৰতে এই বিবৃতি প্ৰকাশ কৰিছে । ভাৰতে এই বিষয়ত অংশীদাৰ আৰু কেইবাখনো দেশৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথছ’চিয়েলত এটা পোষ্টত উল্লেখ কৰিছে যে ইৰানে হৰমুজ প্ৰণালী কৃত্ৰিমভাৱে বন্ধ কৰাৰ প্ৰচেষ্টাৰ ফলত চীন, ফ্ৰান্স, জাপান, দক্ষিণ কোৰিয়া, যুক্তৰাজ্য আৰু অন্যান্য ক্ষতিগ্ৰস্ত দেশসমূহ প্ৰভাৱিত হৈছে । তেওঁ এই দেশসমূহক জলপথটো সুৰক্ষিত আৰু মুকলি কৰি ৰাখিবলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । অৱশ্যে এই দেশসমূহে এতিয়াও কোনো তাৎক্ষণিক প্ৰতিশ্ৰুতি দিয়া নাই ।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে স্পষ্ট কৰি দিয়ে যে এই বিষয়ত বহু দেশৰ মাজত চলি থকা আলোচনাৰ বিষয়ে ভাৰত অৱগত, কিন্তু দ্বিপাক্ষিক পৰ্যায়ত আমেৰিকাৰ সৈতে কোনো আলোচনা হোৱা নাই ।

সংবাদ মাধ্যমৰ ব্রিফিঙত এই বিষয় সন্দর্ভত সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে, “আমি জানো যে এই বিশেষ বিষয়টো কেইবাখনো দেশত আলোচনা চলি আছে । আমি এতিয়াও দ্বিপাক্ষিকভাৱে আলোচনা কৰা নাই ।” তেওঁ আৰু কয় যে ভাৰতে এই বিষয়ত বিভিন্ন অংশীদাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব ।

উল্লেখ্য যে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজ চলাচল বন্ধ কৰি ৰাখিছে আৰু জাহাজ আক্ৰমণ কৰাৰ ভাবুকি দিছে । ইয়াৰ ফলত জাহাজৰ যাতায়ত যথেষ্ট হ্ৰাস পাইছে আৰু পেট্ৰ’ল, ডিজেল, গেছৰ বিশ্বব্যাপী সংকটৰ সৃষ্টি হৈছে । অৱশ্যে ইৰাণে কেইবাখনো দেশৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদে পাৰ হোৱাৰ আশ্বাস দিছে, যাৰ ফলত কিছুমান দেশৰ জাহাজে হৰমুজেৰে পুনৰ পাৰ হৈ যাবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : যুদ্ধৰ মাজতে হৰমুজ পাৰ হৈ গুজৰাট পালেহি এল পি জি ভৰ্তি শিৱালিক