বিজেপিয়ে প্ৰকাশ কৰিলে ১৪৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা, ‘দিদি’ৰ বিৰুদ্ধে যুঁজত সুবেন্দু অধিকাৰী

বিজেপিয়ে প্ৰকাশ কৰিলে ১৪৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা, ‘দিদি’ৰ বিৰুদ্ধে যুঁজত শুভেন্দু অধিকাৰী

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে ১৪৪ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে । নন্দিগ্ৰামৰ লগতে মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা কৰা আৰু বৰ্তমান তেওঁ বিধায়িকা হিচাপে থকা সমষ্টি ভৱানীপুৰৰ পৰাও বিৰোধী দলপতি শুভেন্দু অধিকাৰীক প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে ১৪৪ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে । নন্দিগ্ৰামৰ লগতে মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা কৰা আৰু বৰ্তমান তেওঁ বিধায়িকা হিচাপে থকা সমষ্টি ভৱানীপুৰৰ পৰাও বিৰোধী দলপতি শুভেন্দু অধিকাৰীক প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে । বিজেপিত যোগদান কৰাৰ পূৰ্বে মমতা বেনাৰ্জীৰ ঘনিষ্ঠ শুভেন্দু অধিকাৰীয়ে পুনৰবাৰ উত্থাপন কৰিছে দুয়োগৰাকী নেতাৰ মাজত ৰাজনৈতিক সংঘাতৰ সম্ভাৱনা ।

উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নন্দিগ্ৰামৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হৈছিল । ইয়াৰ পাছতে ভৱানীপুৰৰ টিএমচিৰ বিধায়ক সোৱনদেব চট্টোপাধ্যায়ে মমতাৰ বাবে আসন ত্যাগ কৰাৰ সিদ্ধান্ত লয় আৰু তাৰ পৰাই উপ-নিৰ্বাচনত জয়ী হৈ বংগ বিধানসভাত স্থান লাভ কৰে । এই সমষ্টিৰ পৰা অধিকাৰীক প্ৰক্ষেপ কৰাৰ সিদ্ধান্তই বিজেপিয়ে নিজৰ দুৰ্গত থকা তৃণমূল কংগ্ৰেছৰ নেতৃত্বক প্ৰত্যাহ্বান জনোৱাৰ এক আগ্ৰাসী কৌশলৰ সংকেত দিছে ।

ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মতৰমৰ ৰচক আৰু প্ৰখ্যাত সাহিত্যিক বংকিম চন্দ্ৰ চেটাৰ্জীৰ পৰিয়ালৰ বংশধৰ সৌমিত্ৰ চেটাৰ্জীক নাইহাটীৰ টিকট প্ৰদান কৰা হৈছে । ঘোষিত প্ৰাৰ্থীসকলৰ ভিতৰত আছে ৪১ গৰাকী বৰ্তমানৰ বিধায়ক আৰু ৩ গৰাকী প্ৰাক্তন বিধায়ক । খৰগপুৰ সদৰৰ পৰা বিজেপি দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি দিলীপ ঘোষক প্ৰক্ষেপ কৰিছে দলে । বিজেপিৰ মহিলা নেত্ৰী অগ্নিমিত্ৰ পালক আছানছল দক্ষিণৰ পৰা প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ স্বপন দাসগুপ্তই ৰাছবেহাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

ইফালে কলিয়াগঞ্জৰ পৰা বাপন ঘোষ, ডাইমণ্ড হাৰ্বাৰৰ পৰা দীপক কুমাৰ হালদাৰ, আছানছল নৰ্থৰ পৰা কৃষ্ণেন্দু মুখাৰ্জী, হাছানৰ পৰা নিখিল বেনাৰ্জী, কোচ বেহাৰ নৰ্থৰ পৰা সুকুমাৰ ৰায়, শিলিগুৰিৰ পৰা শংকৰ ঘোষক প্ৰক্ষেপ কৰিছে বিজেপিয়ে । পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰথমখন তালিকাত ঘোষণা কৰা ১৪৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫৭ গৰাকী পেছাদাৰী আৰু সামাজিক পটভূমিৰ । দলটোৱে শিক্ষা, সমাজ সেৱা আৰু পেছাদাৰী অভিজ্ঞতা থকা ব্যক্তিক টিকট প্ৰদানত অগ্ৰাধিকাৰ দিছে ।

উল্লেখ্য যে, ২৩ আৰু ২৬  এপ্ৰিলত দুটা পৰ্যায়ত পশ্চিম বংগত অনুষ্ঠিত হ’ব বিধানসভা নিৰবাচন । ৪ মে’ত ভোটগণনাৰ লগতে প্ৰকাশ পাব ফলাফল । ২০২১ চনৰ বংগ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ২১৫খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিয়ে ৭৭খন আসনেৰে মূল বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰে । ৰাজ্যখনৰ যোৱা বিধানসভা নিৰ্বাচন ৮টা পৰ্যায়ত অনুষ্ঠিত হৈছিল । এইবাৰ নিৰ্বাচন আয়োগে মাত্ৰ দুটা পৰ্যায়ত বংগৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক : কংগ্ৰেছ ৰাইজৰ দলক ধ্বংস কৰিবলৈ পৰিকল্পনা কৰিছিলঃ অখিল গগৈৰ বিস্ফোৰণ

শেহতীয়া প্ৰৱন্ধসমূহ