কটকৰ এছচিবি মেডিকেল কলেজত ভয়ংকৰ অগ্নিকাণ্ড; ১০ জন ৰোগীৰ মৃত্যু

কটকৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ICU ত ভয়ংকৰ অগ্নিকাণ্ড; ১০ জন ৰোগীৰ মৃত্যু

ওড়িশাৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ICU ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ১০ গৰাকীকৈ ৰোগীৰ মৃত্যু হয়। সোমবাৰে পুৱাই ওড়িশাৰ কটকৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ট্ৰমা কেয়াৰ বিভাগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত ১০ জন লোকৰ মৃত্যু হৈছে। জানিব

ওড়িশাৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ICU ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ১০ গৰাকীকৈ ৰোগীৰ মৃত্যু হয়।

সোমবাৰে পুৱাই ওড়িশাৰ কটকৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ট্ৰমা কেয়াৰ বিভাগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত ১০ জন লোকৰ মৃত্যু হৈছে।

জানিব পৰা মতে, নিহত লোকসকলৰ অধিকাংশই ৰোগী,যিসকলক ট্ৰমা কেয়াৰ আই চি ইউত ভৰ্তি কৰা হৈছিল।পুৱা প্ৰায় ৩ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে,যেতিয়া ট্ৰমা কেয়াৰ জৰুৰীকালীন বিভাগৰ প্ৰথম মহলাত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ততাতৈয়াকৈ তিনিখন অগ্নিনিৰ্বাপক বাহিনী  ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।অগ্নিকাণ্ডৰ ফলত ৰোগী আৰু আত্মীয়ৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আই চি ইউত ভৰ্তি হোৱা ৰোগীসকলক লগে লগে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়।সংকটজনক অৱস্থাত থকা ৰোগীসকলক চিকিৎসালয়খনৰ নিউ মেডিচিন আই চি ইউলৈ বদলি কৰা হয়।সম্প্ৰতি অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৰাজ্যৰ মুখ্যমন্ত্ৰী মোহন মাঝিয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ গৈ ঘটনাস্থলীত পৰিস্থিতিৰ বুজ লয়।তেওঁ নিউ মেডিচিন বিল্ডিং পৰিদৰ্শন কৰি জুইৰ ফলত ক্ষতিগ্ৰস্ত ৰোগীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতেও সাক্ষাৎ কৰে।

লগতে পঢ়ক: নতুনকৈ হোৱা নাই কোনো হিংসাত্মক ঘটনা, পশ্চিম গাৰো পাহাৰত দুদিনৰ বাবে বৃদ্ধি সান্ধ্য আইন