‘লাভ জিহাদ নহয়, আমি ধৰ্ম সলনি কৰা নাই’; বিবাহ বিতৰ্কৰ সন্দৰ্ভত মনালিছা-ফৰমানে দিলে প্ৰমাণ

‘লাভ জিহাদ নহয়, আমি ধৰ্ম সলনি কৰা নাই’; বিবাহ বিতৰ্কৰ সন্দৰ্ভত মনালিছা-ফৰমানে দিলে প্ৰমাণ

মহাকুম্ভৰ পৰা ভাইৰেল হোৱা মনালিছা ভোন্সলে স্বামী ফাৰমান খানৰ সৈতে বিবাহ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কক লৈ স্পষ্টীকৰণ দিছে।মনালিছাই কয় যে- আমি ধৰ্ম সলনি কৰা নাই, এয়া লাভ জিহাদ নহয়। মহাকুম্ভ ২০২৫ত ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰি নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল মনালিছা ভোন্সলে।কজলা চকুজুৰি আৰু মিলিয়ন

মহাকুম্ভৰ পৰা ভাইৰেল হোৱা মনালিছা ভোন্সলে স্বামী ফাৰমান খানৰ সৈতে বিবাহ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কক লৈ স্পষ্টীকৰণ দিছে।মনালিছাই কয় যে- আমি ধৰ্ম সলনি কৰা নাই, এয়া লাভ জিহাদ নহয়।

মহাকুম্ভ ২০২৫ত ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰি নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল মনালিছা ভোন্সলে।কজলা চকুজুৰি আৰু মিলিয়ন হাঁহিটোৰ সৈতে কোটি কোটি লোকৰ হৃদয় জয় কৰিছিল মনালিছাই। নিজৰ সৌন্দৰ্য্যৰে লাখ লাখ লোকৰ মন আকৰ্ষণ কৰা মনালিছাই কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই বিবাহপাশত আবদ্ধ হয়।

বুধবাৰে প্ৰেমিক ফাৰমান খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় মনালিছা। ১১ মাৰ্চত কেৰালাৰ অৰুমানুৰ মন্দিৰ (শ্ৰী নৈনাৰ দেৱ মন্দিৰ)ত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয়।কিন্তু বিবাহৰ পিছতেই তেওঁলোক বিতৰ্কৰ মাজত সোমাই পৰিছে।

কাৰণ মনালিছা হিন্দু আৰু স্বামী ফাৰমান হ’ল মুছলমান। বহু লোকৰ লগতে পৰিয়ালৰ লোকেও এই বিবাহক লাভ জেহাদ বুলি কৈছে।এতিয়া দুয়োজনে সংবাদ মাধ্যমৰ সন্মুখত প্ৰমাণৰ সৈতে নিজৰ মতামত দাঙি ধৰিলে।

মনালিছাই কয় যে- আমি হিন্দু ৰীতি-নীতি অনুসৰি বিবাহ পাশত আৱদ্ধ হৈছো।এইয়া লাভ-জিহাদ নহয়। মই সকলো ধৰ্মকে সন্মান কৰো আৰু সকলো ধৰ্মকে সমান বুলি গণ্য কৰোঁ।মোৰ পিতৃ-মাতৃয়ে এই বিবাহক লৈ বিৰোধ কৰি আছে। কাৰণ তেওঁলোকে পেহীৰ ল’ৰাটোৰ লগত বিয়া কৰাব বিচাৰিছিল,কিন্তু মই সেইটো নাকচ কৰিলো। মই তেওঁক বিয়া কৰাব বিচৰা নাছিলো কাৰণ তেওঁ মোৰ দাদাৰ দৰে। তেওঁলোকে এতিয়া খং কৰি আছে কিন্তু মোৰ বিশ্বাস আমি তেওঁলোকক সৈমান কৰাম।

মনালিছাই লগতে কয় যে, এই বিবাহক লৈ তেওঁ যথেষ্ট সুখী। বৰ্তমান তেওঁলোক কেৰালাতে থাকিব।

আনহাতে ফাৰমানে কয় যে- বহুতে প্ৰচাৰ কৰি আছে যে মনালিছা পৰিপক্ক নহয়। তেওঁ শিশু হৈ আছে,কিন্তু তেনেকোৱা একো নহয়।মই কওঁ যে মনালিছা এগৰাকী প্ৰাপ্তবয়স্ক যুৱতী। তেওঁৰ ১৮ বছৰ পাৰ হৈ গৈছে। বিবাহৰ প্ৰমাণ পত্ৰত তেওঁৰ জন্মৰ তাৰিখ লিখা আছে। আৰু তেওঁৰ আধাৰ কাৰ্ডখনেও ইয়াৰ প্ৰমাণ দিব।  

লগতে পঢ়ক: ‘প্ৰেমে তোমাক মুক্ত কৰক’; বিবাহৰ পিচতেই স্বামী বিজয় দেৱেৰাকোণ্ডাক লৈ আৱেগিক পোষ্ট ৰশ্মিকা মাণ্ডানাৰ  

শেহতীয়া প্ৰৱন্ধসমূহ