এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৰশ্মিকা আৰু বিজয়ৰ বিয়াৰ কিছু ফটোৰ লগতে এটা পোষ্ট কৰে। তাৰ উত্তৰত ৰশ্মিকাই এক আৱেগিক লাইন লিখিছে।
বলীউড আৰু দক্ষিণ চিনেমাৰ সুপৰিচিত নাম অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাই শেহতীয়াকৈ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।
২৬ ফেব্ৰুৱাৰীত উদয়পুৰত ৰাজকীয় বিবাহৰ অন্তত এতিয়া ৰশ্মিকা আৰু বিজয়ে নিজৰ নতুন জীৱনৰ আৰম্ভ কৰে। ইফালে, ৯ মাৰ্চ সোমবাৰে এক্স (পূৰ্বৰ টুইটাৰ)ত ৰশ্মিকাই নিজৰ প্ৰেমৰ বিষয়ে এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে।
আচলতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী এজনে ৰশ্মিকা আৰু বিজয়ৰ বিয়াৰ কিছু ফটো পোষ্ট কৰি এটা মৰমলগা পোষ্ট লিখিছিল।
এই পোষ্টটো দেখাৰ পিছত ৰশ্মিকাই ইয়াৰ উত্তৰ দিছে। ছ’চিয়েল মিডিয়াত এই পোষ্টটোৰ উত্তৰত ৰশ্মিকাই স্বীকাৰ কৰে যে পোষ্টটোত তেওঁৰ বিষয়ে যি লিখিছে বহুদিনৰ পিছত তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে।
ৰশ্মিকাই লিখিছে যে,’মোৰ বিষয়ে লিখা কোনো কথাত বহু দিন ধৰি মই আৱেগিক অনুভৱ কৰা নাই।মই বহুত কিবা ক’ব বিচাৰিছো, কিন্তু মই পৰা নাই। মই মোৰ ঠাই বিচাৰি পাইছো আৰু ইয়াৰ বাবে মই কৃতজ্ঞ।এইটো চিনি পোৱাৰ বাবে ধন্যবাদ। আৰু প্ৰেমৰ বিষয়ে মই ক’ম যে, সেইটো ভালপোৱাক বিচাৰি উলিওৱা যিয়ে তোমাক মুক্ত কৰে।’
লগতে পঢ়ক: ‘বেক টু বেক বিশ্বকাপ জয়’ ;লণ্ডনৰ পৰা টিম ইণ্ডিয়াৰ বাবে বিশেষ পোষ্ট অনুষ্কা শৰ্মাৰ









