ফৰমান খানৰ সৈতে বিবাহক লৈ মনালিছাৰ পিতৃয়ে ঘটালে বিস্ফোৰণ

মনালিছা আৰু ফৰমান খানৰ বিবাহক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মনালিছাৰ পিতৃয়ে। তেওঁ কয় যে, এই বিয়াখন হোৱাটো ভাল হোৱা নাই তেওঁৰ লগত প্ৰতাৰণা কৰা হৈছে।

ফৰমান খানৰ সৈতে বিবাহক লৈ ক্ষুব্ধ হৈছে মনালিছাৰ পিতৃ। ইউ পিৰ বাঘপাটৰ বাসিন্দা ফৰমান খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় কুম্ভমেলা খ্যাত মনালিছা ভোন্সেলে।ফৰমান মুছলমান, আৰু মনালিছা হিন্দু।

ইণ্টাৰনেটত এই দম্পতীহালৰ আন্তঃধৰ্মীয় বিবাহ চৰ্চাৰ বিষয় হৈয়েই আছে। বহুতে এই বিবাহক ‘লাভ জেহাদ’ বুলি নাম দিছে। কিন্তু মনালিছা আৰু ফৰমানে কৈছে যে এয়া লাভ জেহাদ নহয়। পৰিয়ালৰ বিপক্ষে গৈ মনালিছাই ফৰমানৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে।বিয়াখনক লৈ এতিয়া মনালিছাৰ পিতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মনালিছাৰ পিতৃয়ে কয় যে, তেওঁ আৰু মনালিছা অভিনয়ৰ কিছু কামৰ বাবে কেৰালালৈ গৈছিল।তাত কাম শেষ কৰি তেওঁলোক উভতি আহিব লৈছিল। তেওঁ আৰু মনালিছাৰ টিকটো বুক হৈ গৈছিল। কিন্তু শেষ মূহুৰ্তত মনালিছাই তেওঁৰ লগত ঘৰলৈ যাবলৈ অস্বীকাৰ কৰে। তেওঁ কয় যে, মনালিছা আৰু মোলৈ এটা ফোন আহিছিল,আমি কেৰালা লৈ গৈছিলো। তেওঁলোকে কৈছিল যে, অভিনয় শিকাব আৰু গীত এটিও কৰিব। এক মাহ ধৰি ফোন কৰি আছিল।ময়ো ভাবিলো পৰিস্থিতি কেনেকোৱা চাই অহাটো ভাল হ’ব।তেওঁলোকে অভিনয় আৰু নৃত্য বহুত কম খৰচতে শিকাই আছিল। সেয়ে দুদিনৰ কাৰণে কেৰালালৈ গ’লো।

তেওঁ কয় যে, “আমি ৪, ৫ দিন ধৰি তাত আছিলো। কিন্তু মোৰ মা অসুস্থ হোৱাৰ বাবে ঘৰলৈ আহিব লগা হয়। কিন্তু বিমানবন্দৰলৈ গৈ থকাৰ সময়তে আমাক আৰক্ষীয়ে ৰখাই আৰু মনালিছাক লৈ যায়। মই আৰক্ষীক প্ৰশ্ন কৰাত তেওঁলোকে কয় যে, আপুনি মনালিছাৰ ইচ্চাৰ বিৰুদ্ধো গৈ বিয়া দিব বিচাৰিছে। মই বহু দেৰিলৈকে তৰ্ক কৰিলো। কিন্তু মোক মনালিছাৰ সৈতে যাবলৈ নিদিলে। মনালিছাক হয়টো কালা যাদু কৰিলে, সেয়ে তাই মোক এৰি তেনেকৈ গুচি গ’ল”।

তেওঁ আৰু কয়, “বিয়াৰ কথাটো গম পোৱাৰ পিছত মোৰ বহুত দুখ লাগিছে। মই মনালিছাৰ কাৰণে বহুত কষ্ট কৰিছিলো। মুছলিম যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাটো ভাল কথা হোৱা নাই। তাত কৈ মৰি যোৱাই ভাল আছিল। মনালিছাৰ দৰে জীয়ৰী থাকি কি লাভ?”     

লগতে পঢ়ক: ‘লাভ জিহাদ নহয়, আমি ধৰ্ম সলনি কৰা নাই’; বিবাহ বিতৰ্কৰ সন্দৰ্ভত মনালিছা-ফৰমানে দিলে প্ৰমাণ

‘লাভ জিহাদ নহয়, আমি ধৰ্ম সলনি কৰা নাই’; বিবাহ বিতৰ্কৰ সন্দৰ্ভত মনালিছা-ফৰমানে দিলে প্ৰমাণ

মহাকুম্ভৰ পৰা ভাইৰেল হোৱা মনালিছা ভোন্সলে স্বামী ফাৰমান খানৰ সৈতে বিবাহ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কক লৈ স্পষ্টীকৰণ দিছে।মনালিছাই কয় যে- আমি ধৰ্ম সলনি কৰা নাই, এয়া লাভ জিহাদ নহয়।

মহাকুম্ভ ২০২৫ত ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰি নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল মনালিছা ভোন্সলে।কজলা চকুজুৰি আৰু মিলিয়ন হাঁহিটোৰ সৈতে কোটি কোটি লোকৰ হৃদয় জয় কৰিছিল মনালিছাই। নিজৰ সৌন্দৰ্য্যৰে লাখ লাখ লোকৰ মন আকৰ্ষণ কৰা মনালিছাই কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই বিবাহপাশত আবদ্ধ হয়।

বুধবাৰে প্ৰেমিক ফাৰমান খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় মনালিছা। ১১ মাৰ্চত কেৰালাৰ অৰুমানুৰ মন্দিৰ (শ্ৰী নৈনাৰ দেৱ মন্দিৰ)ত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয়।কিন্তু বিবাহৰ পিছতেই তেওঁলোক বিতৰ্কৰ মাজত সোমাই পৰিছে।

কাৰণ মনালিছা হিন্দু আৰু স্বামী ফাৰমান হ’ল মুছলমান। বহু লোকৰ লগতে পৰিয়ালৰ লোকেও এই বিবাহক লাভ জেহাদ বুলি কৈছে।এতিয়া দুয়োজনে সংবাদ মাধ্যমৰ সন্মুখত প্ৰমাণৰ সৈতে নিজৰ মতামত দাঙি ধৰিলে।

মনালিছাই কয় যে- আমি হিন্দু ৰীতি-নীতি অনুসৰি বিবাহ পাশত আৱদ্ধ হৈছো।এইয়া লাভ-জিহাদ নহয়। মই সকলো ধৰ্মকে সন্মান কৰো আৰু সকলো ধৰ্মকে সমান বুলি গণ্য কৰোঁ।মোৰ পিতৃ-মাতৃয়ে এই বিবাহক লৈ বিৰোধ কৰি আছে। কাৰণ তেওঁলোকে পেহীৰ ল’ৰাটোৰ লগত বিয়া কৰাব বিচাৰিছিল,কিন্তু মই সেইটো নাকচ কৰিলো। মই তেওঁক বিয়া কৰাব বিচৰা নাছিলো কাৰণ তেওঁ মোৰ দাদাৰ দৰে। তেওঁলোকে এতিয়া খং কৰি আছে কিন্তু মোৰ বিশ্বাস আমি তেওঁলোকক সৈমান কৰাম।

মনালিছাই লগতে কয় যে, এই বিবাহক লৈ তেওঁ যথেষ্ট সুখী। বৰ্তমান তেওঁলোক কেৰালাতে থাকিব।

আনহাতে ফাৰমানে কয় যে- বহুতে প্ৰচাৰ কৰি আছে যে মনালিছা পৰিপক্ক নহয়। তেওঁ শিশু হৈ আছে,কিন্তু তেনেকোৱা একো নহয়।মই কওঁ যে মনালিছা এগৰাকী প্ৰাপ্তবয়স্ক যুৱতী। তেওঁৰ ১৮ বছৰ পাৰ হৈ গৈছে। বিবাহৰ প্ৰমাণ পত্ৰত তেওঁৰ জন্মৰ তাৰিখ লিখা আছে। আৰু তেওঁৰ আধাৰ কাৰ্ডখনেও ইয়াৰ প্ৰমাণ দিব।  

লগতে পঢ়ক: ‘প্ৰেমে তোমাক মুক্ত কৰক’; বিবাহৰ পিচতেই স্বামী বিজয় দেৱেৰাকোণ্ডাক লৈ আৱেগিক পোষ্ট ৰশ্মিকা মাণ্ডানাৰ  

বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু মহাকুম্ভত মালা বিক্ৰী কৰা মনালিছাই ! বিগ বাজেটৰ ছবিৰ প্ৰস্তাৱ

সামাজিক মাধ্যম এনেকুৱা এটা বস্তু যিটো কাৰো চকুৰ পৰা পলাই যাব নোৱাৰে। শেহতীয়াকৈ, প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাৰ বহুতো ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।

যাৰ ভিতৰত আছে আইআইটি বাবাৰ পৰা কুম্ভৰ আটাইতকৈ ধুনীয়া সাধ্বী, কণ্টে ৱালে বাবা, হেৰী পটাৰৰ সদৃশ ৰূপলৈকে বহুতো আশ্চৰ্য অন্তৰ্ভূক্ত হৈ আছে।এই সকলোবোৰৰ ভিডিঅ’ সামাজিক মাধ্যমত সামৰি লোৱা হৈছে।

তেওঁলোকৰ মাজৰ এগৰাকী হৈছে মনালিছা, যি কুম্ভ মেলাত মালা বিক্ৰী কৰে।তেওঁৰ মুগা ৰঙৰ চকুৰ বাবে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ইফালে, ফুটপাথত ৰুদ্ৰাক্ষৰ মালা বিক্ৰী কৰা মনালিছাই এতিয়া চলচ্চিত্ৰত কাম কৰাৰ সুযোগ লাভ কৰিছে বুলি এটা খবৰ পোহৰলৈ আহিছে।

চলচ্চিত্ৰ নিৰ্মাতা সনোজ মিশ্ৰাই মনালিছাক তেওঁৰ পৰৱৰ্তী ছবি ‘মণিপুৰৰ ডায়েৰী’ত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰৰ প্ৰস্তাৱ দিছে।

মনালিছা আৰু তেওঁৰ পৰিয়ালে এই ছবিখনত কাম কৰিবলৈ সন্মত হৈছে। চলচ্চিত্ৰখনত, মনালিছাক এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ জীয়েকৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব।

ছবিখন এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ কৰা হ’ব। ছবিখন অক্টোবৰ বা নৱেম্বৰত মুক্তি দিয়া হ’ব পাৰে।

অৱশ্যে, দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে, মনালিছাই মুম্বাইত তিনি মাহৰ বাবে অভিনয়ৰ প্ৰশিক্ষণ ল’ব।মনালিছা আৰু তেওঁৰ পিতৃয়ে মানুহ এৰাই চলিবলৈ মহাকুম্ভৰ পৰা মধ্য প্ৰদেশৰ মহেশ্বৰত থকা তেওঁলোকৰ ঘৰলৈ গুচি গৈছে।

ছবিখনৰ পৰিচালক সনোজ মিশ্ৰ আৰু তেওঁৰ দলটোৱে দুদিন পিছত মনালিছা আৰু তেওঁৰ পৰিয়ালক লগ কৰিবলৈ মহেশ্বৰলৈ যাব। ইয়াতেই তেওঁৰ এটা স্বাক্ষৰ চুক্তিও হ’ব।  

জানিব পৰা মতে পৰিচালক সনোজ মিশ্ৰই মনালিছাৰ সাক্ষাৎকাৰ চোৱাৰ পিছত মনালিছাক বিচাৰি প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈছিল। ইয়াত তেওঁ মনালিছাৰ পৰিয়ালৰ সদস্যসকলক লগ পাইছিল।

পৰিয়ালৰ সদস্যসকলে সনোজ মিশ্ৰক মনালিছা আৰু তাইৰ পিতৃৰ সৈতে তেওঁৰ মোবাইল ফোনত কথা পাতিবলৈ বাধ্য কৰিছিল। সনোজ মিশ্ৰৰ মতে, মনালিছা আৰু তেওঁৰ পৰিয়ালে ছবিখনত কাম পোৱাৰ প্ৰস্তাৱ পাই অতি সুখী।