হৰমুজ প্ৰণালীত ভাৰত অভিমুখী জাহাজত আক্ৰমণ, বিদেশ মন্ত্ৰালয়ৰ প্ৰতিক্ৰিয়া

হৰমুজ প্ৰণালীত ভাৰত অভিমুখী জাহাজত আক্ৰমণ, বিদেশ মন্ত্ৰালয়ৰ প্ৰতিক্ৰিয়া

হৰমুজ প্ৰণালীত ভাৰত অভিমুখী এখন মালবাহী জাহাজ আক্ৰমণৰ সন্মুখীন হয় মধ্যপ্ৰাচ্যৰ মাজেৰে যোৱা অতি গুৰুত্বপূৰ্ণ সাগৰীয় পথ হৰমুজ প্ৰণালীত ভাৰত অভিমুখী এখন মালবাহী জাহাজ আক্ৰমণৰ সন্মুখীন হয় । গুজৰাটৰ কণ্ডলা বন্দৰলৈ ৰাওনা হৈছিল জাহাজখন । এই আক্ৰমণৰ পিছতে ভাৰতে বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱাক লৈ

হৰমুজ প্ৰণালীত ভাৰত অভিমুখী এখন মালবাহী জাহাজ আক্ৰমণৰ সন্মুখীন হয়

মধ্যপ্ৰাচ্যৰ মাজেৰে যোৱা অতি গুৰুত্বপূৰ্ণ সাগৰীয় পথ হৰমুজ প্ৰণালীত ভাৰত অভিমুখী এখন মালবাহী জাহাজ আক্ৰমণৰ সন্মুখীন হয় । গুজৰাটৰ কণ্ডলা বন্দৰলৈ ৰাওনা হৈছিল জাহাজখন । এই আক্ৰমণৰ পিছতে ভাৰতে বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে ।

খবৰ অনুসৰি যোৱা ১১ মাৰ্চত থাইলেণ্ডৰ মালবাহী জাহাজ ময়ুৰী নাৰী অচিনাক্ত আক্ৰমণৰ সন্মুখীন হয় । এই আক্ৰমণৰ ফলত জাহাজখনত অগ্নিকাণ্ড সংঘটিত হয় । ওমানৰ উত্তৰ উপকূলৰ পৰা প্ৰায় ১১ নটিকেল মাইল দূৰত্বত সংঘটিত হৈছে এই ঘটনা ।

জাহাজ অনুসৰণৰ তথ্যত জাহাজখন ময়ুৰী নাৰী বুলি চিনাক্ত কৰা হৈছে । থাইলেণ্ড চৰকাৰে জনোৱা মতে, জাহাজখনত মুঠ ২৩ জন ক্ৰু মেম্বাৰ আছিল । দুৰ্ঘটনাৰ পিছত ২০ জন ক্ৰু সদস্যক নিৰাপদে উলিয়াই অনা হয়, আনহাতে তিনিজন জাহাজতে আছে ।

এই আক্ৰমণৰ পিছতে ওমানৰ নৌসেনাই ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । ৰয়েল থাই নৌসেনা আৰু ইউনাইটেড কিংডম মেৰিটাইম ট্ৰেড অপাৰেচনেও নিশ্চিত কৰিছে যে মালবাহী জাহাজখনত অচিনাক্ত আক্ৰমণৰ সন্মুখীন হৈছে । কিন্তু এই আক্ৰমণত ব্যৱহৃত অস্ত্ৰ এতিয়াও আনুষ্ঠানিকভাৱে চিনাক্ত হোৱা নাই আৰু কোনো দেশ বা সংগঠনে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই ।

ঘটনাৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ সময়ত বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱাটো গভীৰ উদ্বেগজনক । মন্ত্ৰালয়ে উল্লেখ কৰে যে ইয়াৰ পূৰ্বেও একেধৰণৰ আক্ৰমণত ভাৰতীয় নাগৰিককে ধৰি অসংখ্য লোকৰ প্ৰাণহানি হৈছে আৰু এই আক্ৰমণৰ তীব্ৰতা বৃদ্ধি পোৱা যেন লাগে ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত গুজৰাট অভিমুখী জাহাজত আক্ৰমণ, ওমান নৌসেনাৰ উদ্ধাৰ অভিযান

শেহতীয়া প্ৰৱন্ধসমূহ