ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে
অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰে মিত্ৰতা ভংগ কৰিলে কংগ্ৰেছে । দীৰ্ঘদিন ধৰি চৰ্চাত থকা ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা বুধবাৰে আনুষ্ঠানিকভাৱে ভংগ বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে । আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এক বিবৃত্তিত এই ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
উল্লেখ্য যে, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে । অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ বিপৰীতে ৰাইজৰ দলক মিত্ৰতাত নোলোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে । সংখ্যালঘু অধ্যুষিত কেইটামান সমষ্টিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা সন্দৰ্ভত মনোমালিন্যৰ সৃষ্টি হোৱাৰ লগতে দুয়ো পক্ষৰ আকোৰগোঁজ স্থিতিৰ ফলতেই মিত্ৰতাত যতি পৰা বুলি ইতমধ্যে অভিযোগ উঠিছে । এই সন্দৰ্ভত দুয়ো পক্ষই অভিযোগ-প্ৰত্যাভিযোগেৰে ৰাজ্যৰ ৰাজনীতি গৰম কৰি তুলিছে ।
ইয়াৰ মাজতেই বুধবাৰে সামাজিক মাধ্যমযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাসংদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে ৰাইজৰ দলৰে মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰে । গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত লিখিছে- “অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলো । কিন্তু অতি দুৰ্ভাগ্যজনকভাবে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই ।
নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা । এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা-ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলো ।
কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই । সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছো । পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম ।“
লগতে পঢ়ক : জুবিন ক্ষেত্ৰক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা









