ফিন এলেনৰ বিস্ফোৰক শতকৰ সহায়ত দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰে নিউজীলেণ্ড
টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথমখন ছেমি ফাইনেলত জয়লাভ কৰিছে নিউজীলেণ্ডে । ফিন এলেনৰ বিস্ফোৰক শতকৰ সহায়ত দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰে নিউজীলেণ্ড । এই পৰাজয়ৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ টি-২০ বিশ্বকাপ জয়ৰ সপোন পুনৰ ধূলিস্যাৎ হৈ পৰে ।
বুধবাৰে অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰাৰ পিছত ১৬৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিউজীলেণ্ডে মাত্ৰ ১২.৫ অভাৰতে ১৭৩ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । নিউজীলেণ্ডৰ হৈ ফিল এলেনে ৩৩টা বলত ১০০ ৰান অপৰাজিত মেচ বিজয়ী ইনিংছ খেলে । তেওঁ ১০টা চাৰি আৰু ৮টা ছয় কোবাই । উল্লেখ্য যে, এই জয়ৰ লগে লগে নিউজীলেণ্ড দ্বিতীয় বাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ।
এলেনৰ উপৰিও ইনিংছ মুকলি কৰা টিম ছেইফাৰ্টেও এক শক্তিশালী ইনিংছ খেলে । ছেইফাৰ্টে ৩৩টা বলত ৭টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৫৮ ৰান সংগ্ৰহ কৰে । প্ৰথম উইকেটৰ বাবে ৫৫টা বলত ১১৭ ৰান অংশীদাৰিত্ব গঢ়ে দুয়োজনে । ইয়াৰ পাছত ৰাচিন ৰবীন্দ্ৰ আৰু ফিন এলেনে দ্বিতীয় উইকেটৰ বাবে ২২টা বলত ৫৬ ৰান সংযোজন কৰি দলটোক ৪৩টা বলত বাকী থকা পূৰ্বেই দলক বিজয় উপহাৰ দিয়ে ।
টি-২০ বিশ্বকাপৰ দ্ৰুততম শতক-
টি-২০ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক সম্পূৰ্ণ কৰিছে ফিন এলেনে । ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ ক্ৰীছ গেইলে টি-২০ বিশ্বকাপত দ্ৰুততম শতক অৰ্জনৰ অভিলেখ গঢ়িছিল । ২০১৬ চনৰ টি-২০ প্ৰতিযোগিতাত ৪৭টা বলত শতক অৰ্জন কৰিছিল গেইলে ।
প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ২০ অভাৰত ১৬৯/৮ ৰান সংগ্ৰহ কৰে । দলটোৱে ৭৭ ৰানত ৫টা উইকেট হেৰুওৱাৰ পিছত এই ৰান সংগ্ৰহ কৰে । এই ৰান সংগ্ৰহৰ পিছত প্ৰটিয়াছে কঠিন যুঁজ দিব বুলি ভবা হৈছিল যদিও দক্ষিণ আফে্ৰিকাৰ শক্তিশালী বলিং আক্ৰমণক ওফৰাই নিউজীলেণ্ডে মেচখনত জয়লাভ কৰে ।
দক্ষিণ আফ্ৰিকাৰ আটাইকেইজন বলাৰেই নিউজীলেণ্ডৰ বেটিং আক্ৰমণক বাধা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হয় । মাত্ৰ এটা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে নিউজীলেণ্ডে । দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জেন্সেনে ১৮.৭০ ইকনমিৰে ২.৫ অভাৰত ৫৩ ৰান খৰছ কৰি সৰ্বাধিক ব্যয়বহুল অভাৰ বুলি প্ৰমাণিত হয় । কৰবিন বছেও ২ অভাৰত ৩৫ ৰান খৰছ কৰে । কেশৱ মহাৰাজে ৩ অভাৰত ৩৩ ৰান, লুংগী এনগীড়িয়ে ২ অভাৰত ২২ ৰান আৰু কাগিছ’ ৰাবাদাই ৩ অভাৰত ২৮ ৰান খৰছ কৰে ।
লগতে পঢ়ক : আজি টি ২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল; দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইতিহাস ৰচিব পাৰিব নে কিৱি বাহিনী ?









