আজি টি ২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল; দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইতিহাস ৰচিব পাৰিব নে নিউজিলেণ্ডে ?

আজি টি ২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল; দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইতিহাস ৰচিব পাৰিব নে কিৱি বাহিনী ?

টি ২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল আজি কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। কলকাতাৰ ইডেন গাৰ্ডেনত মুখামুখি হ’ব নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা ৪ মাৰ্চ অর্থাৎ আজি কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথমখন ছেমি ফাইনেল।য’ত দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মুখামুখি হ’ব। দক্ষিণ

টি ২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল আজি কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। কলকাতাৰ ইডেন গাৰ্ডেনত মুখামুখি হ’ব নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা

৪ মাৰ্চ অর্থাৎ আজি কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথমখন ছেমি ফাইনেল।য’ত দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মুখামুখি হ’ব।

দক্ষিণ আফ্ৰিকা হৈছে একমাত্ৰ দল যিয়ে  এই প্ৰতিযোগিতাত এতিয়ালৈকে সকলো খেলতে জয়লাভ কৰিছে। টি-২০ বিশ্বকাপ ২০২৬ ত একেৰাহে ৭খন মেচত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই এতিয়াও জয়ৰ ধাৰা অব্যাহত ৰাখিছে। একে সময়তে নিউজিলেণ্ডেও মিচেল ছাণ্টনাৰৰ অধিনায়কত্বত দুৰ্দান্ত প্ৰদৰ্শন কৰি স্থান লাভ কৰিছে।

এই প্ৰতিযোগিতা কেৱল ফাইনেলৰ টিকটৰ বাবেই নহয়, বৰঞ্চ কিৱি বাহিনীৰ বাবে ইতিহাস সলনি কৰাৰো সময়।কাৰণ টি-২০ বিশ্বকাপৰ ইতিহাসত নিউজিলেণ্ড দলে কেতিয়াও দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিব পৰা নাই।

টি-২০ বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে দুয়োৰে মাজত ৫খন মেচ হৈছে আৰু দক্ষিণ আফ্ৰিকাই আটাইকেইখনতে জয়লাভ কৰিছে। আনহাতে বৃহস্পতিবাৰে (৫ মাৰ্চ) মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল।

লগতে পঢ়ক: ষষ্ঠবাৰৰ বাবে ছেমি ফাইনেলত ভাৰত, টি-২০ বিশ্বকাপৰ নকআউটত কেনেকুৱা টিম ইণ্ডিয়াৰ ৰেকৰ্ড ?

শেহতীয়া প্ৰৱন্ধসমূহ