বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা হ’ল কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা হ’ল কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

ঙলবাৰে কংগ্ৰেছে ঘোষণা কৰিছে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ৰাজ্যত বাজিল বিধানসভা নিৰ্বাচনৰ ৰণ ডংকা । নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে । ইয়াৰ মাজতে মঙলবাৰে কংগ্ৰেছে ঘোষণা কৰিছে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা । ৰাজ্যৰ ৪২টা বিধানসভা সমষ্টিৰ বাবে দলে

ঙলবাৰে কংগ্ৰেছে ঘোষণা কৰিছে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা

ৰাজ্যত বাজিল বিধানসভা নিৰ্বাচনৰ ৰণ ডংকা । নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে । ইয়াৰ মাজতে মঙলবাৰে কংগ্ৰেছে ঘোষণা কৰিছে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা । ৰাজ্যৰ ৪২টা বিধানসভা সমষ্টিৰ বাবে দলে ঘোষণা প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে ।

প্ৰণতি ফুকন, ৰিপুণ বৰাৰ দৰে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতাক টিকট প্ৰদান কৰিছে দলে । লগতে যোৰহাট সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে টিকট লাভ কৰিছে । উল্লেখ্য যে, ৰাইজৰ দলৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ পূৰ্বেই মঙলবাৰে এই তালিকা ঘোষণা কৰে কংগ্ৰেছে ।

কোনে ক’ত টিকট লাভ কৰিছে জানক-

-গৌৰীপুৰত আব্দুছ শোভান আলী চৰকাৰ

-গোৱালপাৰা ৱেষ্টত (এছ টি) মাৰ্কলিন মাৰাক

-বঙাইগাঁৱত গিৰিশ বৰুৱা

-বৰপেটা (এছ চি)ত মহানন্দ চৰকাৰ

-বকো-ছয়গাঁৱ (এছ টি)ত ৰমেন সিং ৰাভা

-হাজো-শুৱালকুছিত (এছ চি) নন্দিতা দাস

-কমলপুৰত সত্যব্ৰত কলিতা

-দিছপুৰত মীৰা বৰঠাকুৰ

-বৰক্ষেত্ৰীত দিগন্ত বৰ্মন

-নলবাৰীত অশোক কুমাৰ শৰ্মা

-টিহুত ৰাতুল পাটোৱাৰী

-ছিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া

-জাগীৰোড (এছ চি)ত বুবুল দাস

-ৰুপহীহাটত নুৰুল হুদা

-চামগুৰিত তাঞ্জিল হুছেইন

-ৰহা (এছ চি) উৎপল বণিয়া

-লামডিঙত স্বপন কৰ

-বৰছলাত ৰিপুন বৰা

-বিহুপুৰীয়াত নাৰায়ণ ভূঞা

-জোনাই (এছ টি) ৰাজ কুমাৰ মেদক

-ডুমডুমাত দুৰ্গা ভূমিজ

-মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ

-চাবুৱা-লাহোৱালত প্ৰাঞ্জল ঘাটোৱাৰ

-দুলীয়াজানত ধ্ৰুৱ গগৈ

-নাহৰটীয়াত প্ৰণতি ফুকন

-সোণাৰীত উৎপল গগৈ

-ডিমৌ অজয় কুমাৰ গগৈ

-নাজিৰাত দেবব্ৰত শইকীয়া

-মাজুলী (এছ টি) ইন্দ্ৰনীল পেগু

-টীয়কত পল্লবী শইকীয়া গগৈ

-যোৰহাটত গৌৰৱ গগৈ

-গোলাঘাটত বিতোপন শইকীয়া

-বোকাজান (এছ টি) ৰতন ইংতি

-ৰংখাং (এছ টি)ত আগষ্টিন ইংখি

-লখিমপুৰত শান্তি কুমাৰ সিংহ

-উদাৰবন্দত অজিত সিং

-বৰখলাত ড০ অমিত কুমাৰ কালৱাৰ

-শিলচৰত অভিজিত পাল

-সোনাইত আমিনুল হক লস্কৰ

-উত্তৰ কৰিমগঞ্জত জাকাৰিয়া আহমেদ

-পাথাৰকান্দিত কাৰ্তিক সেনা সিনহা

-ৰাম কৃষ্ণ নগৰ (এছ চি)ত সুৰুচি ৰয়

উল্লেখ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ এই প্ৰাৰ্থী তালিকাত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, ৰিপুন বৰাৰ লগতে চামগুৰিত ৰকিবুল পুত্ৰ তাঞ্জিল হুছেইন আৰু মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক টিকট প্ৰদান কৰিছে দলে ।

লগতে পঢ়ক : ৰাজ্যসভালৈ যাব নীতিন নবীন, বিজেপিয়ে প্ৰকাশ কৰিলে ৯ জনীয়া প্ৰাৰ্থী তালিকা

শেহতীয়া প্ৰৱন্ধসমূহ