কুৱেইটত থকা আমেৰিকাৰ দূতাবাসত মিছাইল নিক্ষেপ ইৰাণৰ; কুৱেইটত ধ্বংস আমেৰিকাৰ যুদ্ধ বিমান

কুৱেইটত থকা আমেৰিকাৰ দূতাবাসত মিছাইল নিক্ষেপ ইৰাণৰ; কুৱেইটত ধ্বংস আমেৰিকাৰ যুদ্ধ বিমান

আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ উত্তেজনাৰ মাজতে কুৱেইটত থকা আমেৰিকাৰ দূতাবাসত মিছাইল নিক্ষেপ ইৰাণৰ। আমেৰিকা আৰু ইজৰাইলে যৌথ ব্যৱস্থা গ্ৰহণ কৰি ইৰাণৰ ওপৰত যি আক্ৰমণ চলাইছিল সেয়া তৃতীয় দিনটোও অব্যাহত আছে।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰানে কেইবাখনো দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিতো আক্ৰমণ চলাইছে। তাৰ মাজতে ইৰাণে কুৱেটত থকা

আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ উত্তেজনাৰ মাজতে কুৱেইটত থকা আমেৰিকাৰ দূতাবাসত মিছাইল নিক্ষেপ ইৰাণৰ।

আমেৰিকা আৰু ইজৰাইলে যৌথ ব্যৱস্থা গ্ৰহণ কৰি ইৰাণৰ ওপৰত যি আক্ৰমণ চলাইছিল সেয়া তৃতীয় দিনটোও অব্যাহত আছে।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰানে কেইবাখনো দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিতো আক্ৰমণ চলাইছে।

তাৰ মাজতে ইৰাণে কুৱেটত থকা আমেৰিকাৰ দূতাবাস, বাহৰেইনৰ মানামাত থকা আমেৰিকাৰ নৌসেনাৰ ৫ম মুখ্য কাৰ্যালয় আৰু জৰ্ডানত থকা আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি মিছাইল আক্ৰমণ সংঘটিত কৰে।এই আক্ৰমণ মধ্য প্ৰাচ্যত বৃদ্ধি পোৱা উত্তেজনাৰ ফল আৰু আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।

আনহাতে কুৱেইটৰ আকাশমাৰ্গত আমেৰিকাৰ যুদ্ধ বিমান F-15 দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে।পেট্ৰিয়াট মিছাইল ব্যৱস্থাৰ দ্বাৰা ভুল চিনাক্তকৰণ বা আই এফ এফৰ বিজুতিৰ সন্দেহ কৰা হৈছে।

কিন্তু বহুতে আকৌ ইৰাণে এই যুদ্ধ বিমান ধ্বংস কৰিছে বুলি সন্দেহ কৰিছে। অৱশ্যে এই সন্দৰ্ভত বিষয়াসকলে কোনো আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: ‘যেতিয়ালৈকে লক্ষ্যত উপনীত নহয়,ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব’; ট্ৰাম্প

শেহতীয়া প্ৰৱন্ধসমূহ