ছেমি ফাইনেলৰ বাবে কাইলৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ মৰণপণ যুঁজ

ছেমি ফাইনেলৰ বাবে কাইলৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ মৰণপণ যুঁজ

ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবলৈ দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মৰণপণ যুঁজত অৱতীৰ্ণ হব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল চলিত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবলৈ দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মৰণপণ যুঁজত অৱতীৰ্ণ হব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল । এই মেচত সামান্য ভুলেও ভাৰতীয়

ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবলৈ দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মৰণপণ যুঁজত অৱতীৰ্ণ হব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল

চলিত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবলৈ দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মৰণপণ যুঁজত অৱতীৰ্ণ হব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল । এই মেচত সামান্য ভুলেও ভাৰতীয় দলৰ ছেমি ফাইনেলৰ আশা ধূলিস্যাৎ কৰিব পাৰে । সেয়েহে যিকোনো পৰিস্থিতিত ভাৰতীয় দলটোৱে মেচখনত বিজয় সাব্যস্ত কৰিবলৈ আপ্ৰাণ প্ৰচেষ্টা কৰিব লাগিব ।

উল্লেখ্য যে, টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ পৰ্যায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেলখনৰ বাবে এতিয়া ভাৰতীয় দল সাজু হৈছে । ১ মাৰ্চত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিব আৰু এই মেচখনক ভাৰ্চুৱেল কোৱাৰ্টাৰ ফাইনেল বুলি গণ্য কৰা হৈছে । অৰ্থাৎ বিজয়ী দলটোৱে ছেমিফাইনেলত স্থান নিশ্চিত কৰিব, আনহাতে পৰাজিত দলৰ যাত্ৰা ইয়াতেই শেষ হ’ব পাৰে ।

এই খেলখন কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব । জিম্বাবুৱেৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত টিম ইণ্ডিয়াৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু মেনেজমেণ্টে মূল একাদশত ডাঙৰ পৰিৱৰ্তন কৰিবলৈ ইচ্ছুক যেন লগা নাই । সেয়ে সঞ্জু চেমচন আৰু অক্ষৰ পেটেলে আন এটা সুযোগ লাভ কৰিব পাৰে ।

বলিং আক্ৰমণ দুয়োটা দলৰ বাবে চিন্তাৰ বিষয়-

এই জয়ৰ পিছতো ভাৰতৰ বলিং চিন্তাৰ বিষয় হৈ আছে । জিম্বাবুৱেৰ বিৰুদ্ধে টিম ইণ্ডিয়াই ১৮৪ ৰান খৰচ কৰাই ডেথ অভাৰত উন্নতিৰ প্ৰয়োজনীয়তা স্পষ্টভাৱে সূচায় । ইফালে পূৰ্বৰ খেলখনত দক্ষিণ আফ্ৰিকাৰ হাতত ৯ উইকেটৰ পৰাজয়ৰ সন্মুখীন হৈছিল ৱেষ্ট ইণ্ডিজ । সেয়েহে কেৰিবিয়ান দলটোৱে প্ৰত্যাৱৰ্তনৰ লক্ষ্য ৰাখিব ।

এই মেচখন দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো ছেমিফাইনেলৰ পথ এই মেচৰ মাজতেই আছে । ভাৰতৰ বেটিং ভাল ফৰ্মত আছে যদিও চাপৰ পৰা হাত সাৰিবলৈ বলাৰসকলে ভাল প্ৰদৰ্শন কৰিব লাগিব ।

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দল-

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, সঞ্জু চেমচন, শিৱম ডুবে, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰিংকু সিং ।

লগতে পঢ়ক : জিম্বাবুৱেক পৰাস্ত কৰিও সংকটমুক্ত নহ’ল টিম ইণ্ডিয়া, কি কয় পইন্ট টেবুলৰ স্থিতিয়ে

শেহতীয়া প্ৰৱন্ধসমূহ