'বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি'; প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহি কানাডাৰ প্ৰধানমন্ত্ৰীয়ে কৰিলে প্ৰশংসা

‘বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি’; প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহি কানাডাৰ প্ৰধানমন্ত্ৰীয়ে কৰিলে প্ৰশংসা

প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণলৈ অহা কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী ২ মাৰ্চ পৰ্যন্ত ভাৰতত থাকিব। এই সময়ছোৱাত তেওঁ মুম্বাই আৰু দিল্লীৰ বহু অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৪ দিনীয়া ভাৰত ভ্ৰমণৰ বাবে মুম্বাইত উপস্থিত হৈছে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছে। ২৭ ফেব্ৰুৱাৰীৰ

প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণলৈ অহা কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী ২ মাৰ্চ পৰ্যন্ত ভাৰতত থাকিব। এই সময়ছোৱাত তেওঁ মুম্বাই আৰু দিল্লীৰ বহু অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

৪ দিনীয়া ভাৰত ভ্ৰমণৰ বাবে মুম্বাইত উপস্থিত হৈছে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছে।

২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ এই ভ্ৰমণৰ সময়ত তেওঁ বহু কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বিশেষ বিমানেৰে পত্নীৰ সৈতে মুম্বাইত উপস্থিত হয় কাৰ্নী।

মাৰ্ক কাৰ্নীয়ে ভাৰত আৰু কানাডাৰ চিইঅ’, উদ্যোগ প্ৰতিনিধি, বিত্তীয় বিশেষজ্ঞ, বিনিয়োগকাৰী আৰু শিক্ষাবিদৰ লগতে ভাৰতত সক্ৰিয় কানাডাৰ পেঞ্চন ফাণ্ডৰ প্ৰতিনিধিকো সাক্ষাৎ কৰিব।

শনিবাৰে (২৮ ফেব্ৰুৱাৰী) তেওঁ মুম্বাইত আয়োজিত বিনিয়োগ সম্পৰ্কীয় কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ভাৰত-কানাডাই অৰ্থনৈতিক সহযোগিতা, বিনিয়োগৰ সুযোগ আৰু প্ৰযুক্তিগত অংশীদাৰিত্বৰ বিষয়েও আলোচনা কৰিব।

কাৰ্নী দেওবাৰে মুম্বাইৰ পৰা নতুন দিল্লীলৈ ৰাওনা হ’ব আৰু সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

কোৱা হৈছে যে ২০২৩ চনৰ কূটনৈতিক বিবাদৰ পিছত দুয়োখন দেশৰ মাজত কৌশলগত সম্পৰ্কক পুনৰ শুদ্ধ পথলৈ অনাটোৱেই কাৰ্নীৰ এই ভ্ৰমণৰ উদ্দেশ্য।

ভাৰতত উপস্থিত হোৱাৰ পিছত মাৰ্ক কাৰ্নীয়ে এক্সত পোষ্ট কৰি কয় যে ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থ ব্যৱস্থা। মই মুম্বাইত উপস্থিত হৈছো, য’ত ব্যৱসায়িক নেতাসকলক লগ পাম,আৰু এনে অংশীদাৰিত্ব মুকলি কৰিম । যিয়ে কানাডাৰ শ্ৰমিক আৰু ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ মুকলি কৰিব।

লগতে পঢ়ক: ‘আদালতে মোৰ বিৰুদ্ধে থকা গোচৰটো সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিছে’; অৰবিন্দ কেজৰিৱাল