‘আদালতে মোৰ বিৰুদ্ধে থকা গোচৰটো সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিছে’; অৰবিন্দ কেজৰিৱাল

‘আদালতে মোৰ বিৰুদ্ধে থকা গোচৰটো সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিছে’; অৰবিন্দ কেজৰিৱাল

দিল্লীত সংঘটিত হোৱা সুৰা কেলেংকাৰীৰ অভিযোগৰ পৰা দোষমুক্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দোষমুক্ত হোৱাৰ পিছতে তেওঁ কয় যে মোৰ বিৰুদ্ধে প্ৰমাণৰ এটা টুকুৰাও পোৱা নগ’ল। আজি (শুকুৰবাৰে) দিল্লীৰ আদালতে আম আদমী পাৰ্টিৰ আহ্বায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া সহ ২১ গৰাকীক

দিল্লীত সংঘটিত হোৱা সুৰা কেলেংকাৰীৰ অভিযোগৰ পৰা দোষমুক্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দোষমুক্ত হোৱাৰ পিছতে তেওঁ কয় যে মোৰ বিৰুদ্ধে প্ৰমাণৰ এটা টুকুৰাও পোৱা নগ’ল।

আজি (শুকুৰবাৰে) দিল্লীৰ আদালতে আম আদমী পাৰ্টিৰ আহ্বায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া সহ ২১ গৰাকীক সুৰা নীতি কেলেংকাৰীৰ অভিযোগৰ পৰা দোষমুক্ত কৰিছে।

আদালতে চিবিআইক সমালোচনা কৰি কয় যে এই নীতিত কোনো ‘বৃহৎ ষড়যন্ত্ৰ বা অপৰাধমূলক উদ্দেশ্য’ পোৱা নাই।

অভিযোগমুক্ত হোৱাৰ পিছতে অৰবিন্দ কেজৰিৱালে এখন সংবাদমেল সম্বোধন কৰিছে। আদালতৰ এই সিদ্ধান্ত সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে কয় যে ন্যায়াধীশগৰাকীয়ে সঁচাকৈয়ে যথেষ্ট সাহস দেখুৱালে।

অৰবিন্দ কেজৰিৱালে কয়, ‘আদালতে অতি ঐতিহাসিক সিদ্ধান্ত দিছে।ইয়াৰ বাবে মই ন্যায়পালিকাক অশেষ ধন্যবাদ জনাইছো।বিচাৰকক বহুত বহুত ধন্যবাদ জনাইছো। আজিৰ এই পৰিৱেশত যেতিয়া সকলো সংস্থাক,সকলো কৰ্তৃপক্ষক ভয় খুৱাই আছে, ধমকি দিয়া হৈছে,এনে পৰিস্থিতিত ন্যায়াধীশে সঁচাকৈয়ে ইমান ডাঙৰ ন্যায় প্ৰদান কৰিবলৈ যথেষ্ট সাহস দেখুৱাইছে’।

অৰবিন্দ কেজৰিৱালে কয় যে ‘মোৰ বিৰুদ্ধে থকা গোচৰটো আদালতে সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিলে।চিবিআইয়ে মোৰ বিৰুদ্ধে এটাও প্ৰমাণ বিচাৰি নাপালে।মই কেৱল সততাৰে উপাৰ্জন কৰিছো।আদালতে স্বীকাৰ কৰে যে কেজৰিৱাল আৰু মনীষ চিছ’দিয়া অটলভাৱে সৎ।দুজন মানুহে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে।মোৰ সততাক আঘাত কৰিবলৈ মোক এটা মিছা গোচৰত জড়িত কৰা হৈছিল।’

অৰবিন্দ কেজৰিৱালে লগতে কয় যে,’মই সেইসকল অধিবক্তাটো ধন্যবাদ জনাইছো যিসকলে আমাক প্ৰতিটো খোজতে সহায় কৰিছিল, আমি এই যুদ্ধখন আদালতত যুঁজিলোঁ।আপুনি জানে কেনেকৈ যোৱা চাৰি বছৰ ধৰি ইডি,চিবিআই আৰু সকলো এজেন্সীক ব্যৱহাৰ কৰি আমাৰ বিৰুদ্ধে সুৰা কেলেংকাৰী নামৰ এটা অভিযোগ লগালে। চিবিআই আৰু ইডিয়ে ইয়াক লৈ চাৰ্জ শ্বীট দাখিল কৰে।আজি আদালতে প্ৰাইমা ফেচি সিদ্ধান্ত ল’বলগীয়া হৈছিল যে গোচৰটো চলাবলৈ প্ৰমাণ আৰু সাক্ষীৰ বক্তব্যৰ ভিত্তিত পৰ্যাপ্ত সামগ্ৰী আছে নেকি? আদালতে প্ৰায় ৬০০ পৃষ্ঠাৰ আদেশত সকলো প্ৰমাণ আৰু সাক্ষীৰ প্ৰতি লক্ষ্য ৰাখি এই কথা কয় যে ইয়াত পৰ্যাপ্ত প্ৰমাণ নাই যাৰ বাবে গোচৰ চলাব পাৰে’।

লগতে পঢ়ক: সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল