আজি ভাৰতত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সাক্ষাৎ

আজি ভাৰতত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সাক্ষাৎ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ কাৰ্নি ভাৰতত থাকিব । কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি প্ৰথম আনুষ্ঠানিক ভ্ৰমণসূচীৰে শুকুৰবাৰে ভাৰতত উপস্থিত হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ কাৰ্নি ভাৰতত থাকিব । এই ভ্ৰমণৰ লক্ষ্য হৈছে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ কাৰ্নি ভাৰতত থাকিব ।

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি প্ৰথম আনুষ্ঠানিক ভ্ৰমণসূচীৰে শুকুৰবাৰে ভাৰতত উপস্থিত হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ কাৰ্নি ভাৰতত থাকিব । এই ভ্ৰমণৰ লক্ষ্য হৈছে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু নতুন অংশীদাৰিত্বৰ সন্ধান কৰা ।

২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদী আৰু কাৰ্নিৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব । বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৭ ফেব্ৰুৱাৰীত কাৰ্নি মুম্বাইত উপস্থিত হ’ব । আগন্তুক দুদিন তেওঁ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । তেওঁ চিইঅ’, উদ্যোগ আৰু বিত্তীয় বিশেষজ্ঞ, উদ্ভাৱক আৰু শিক্ষাবিদৰ সৈতে মত বিনিময় কৰিব । ইয়াৰ পিছত ১ মাৰ্চত তেওঁ নতুন দিল্লীলৈ যাব ।

উল্লেখ্য যে ২০২৩ চনৰ জুন মাহত ব্ৰিটিছ কলম্বিয়াৰ এটা গুৰদ্বাৰাৰ বাহিৰত হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ পিছত ভাৰত-কানাডাৰ সম্পৰ্ক তীব্ৰ অৱনতি ঘটিছিল । সেই সময়ত জাষ্টিন ট্ৰুডো আছিল কানাডাৰ প্ৰধানমন্ত্ৰী ।

লগতে পঢ়ক : আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা পাকিস্তানৰ, দুয়োপক্ষৰ তুমুল সংঘৰ্ষ