গৌৰৱ গগৈক ঘেৰাও কৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ, দল ত্যাগৰ হুংকাৰ

গৌৰৱ গগৈক ঘেৰাও কৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ, দল ত্যাগৰ হুংকাৰ

মিত্ৰ দলক সমষ্টি এৰি দিয়াক লৈ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ বিদ্ৰোহত কঁপি উঠিছে কংগ্ৰেছৰ ভেটি । গৌৰৱ গগৈক ঘেৰাও কৰি প্ৰতিবাদ । আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত দেখা দলীয় কৰ্মীৰ বিদ্ৰোহ । নিৰ্বাচনলৈ মাত্ৰ কেইটামান সপ্তাহ থকাৰ পূৰ্বে দলটোত ভিতৰ চ’ৰাত দেখা

মিত্ৰ দলক সমষ্টি এৰি দিয়াক লৈ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ বিদ্ৰোহত কঁপি উঠিছে কংগ্ৰেছৰ ভেটি । গৌৰৱ গগৈক ঘেৰাও কৰি প্ৰতিবাদ ।

আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত দেখা দলীয় কৰ্মীৰ বিদ্ৰোহ । নিৰ্বাচনলৈ মাত্ৰ কেইটামান সপ্তাহ থকাৰ পূৰ্বে দলটোত ভিতৰ চ’ৰাত দেখা দিছে অন্তকন্দলে । মিত্ৰ দলক সমষ্টি এৰি দিয়াক লৈ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ বিদ্ৰোহত কঁপি উঠিছে কংগ্ৰেছৰ বৰভেটি । আনকি দলীয় কৰ্মীৰ ক্ষোভ, প্ৰতিবাদৰ পৰা হাত সাৰি যোৱা নাই স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ । সমষ্টিয়ে সমষ্টিয়ে এতিয়া দেখা গৈছে কংগ্ৰেছ কৰ্মীৰ ক্ষোভৰ জুই ।

গোলাঘাটতো বৃহস্পতিবাৰে দেখা গ’ল অনুৰূপ পৰিস্থিতি । প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসংখ্য কংগ্ৰেছ কৰ্মীয়ে । গোলাঘাট আৱৰ্তন ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলে । জিলাখনৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি সৰুপথাৰ কংগ্ৰেছৰ মিত্ৰদল অসম জাতীয় পৰিষদক এৰি দিয়াৰ বাবে তৃণমূল কৰ্মীসকলে গৌৰৱ গগৈৰ সন্মুখতে ক্ষোভ ব্যক্ত কৰি সমষ্টিটো এৰি নিদিয়াৰ হুংকাৰ দিয়ে ।

উল্লেখ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা অনুসৰি সৰুপথাৰ সমষ্টিটো মিত্ৰ দলটোক এৰি দিয়াৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ দলে । কিছুদিনৰ পূৰ্বে বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা জীৱন চুতীয়াই এই সমষ্টিটোৰ পৰা অজাৰ হৈ নিৰ্বাচন খেলিব বুলি চৰ্চা চলিছে । এই খবৰ প্ৰকাশ পোৱাৰ পিছতেই এতিয়া ক্ষুব্ধ হৈ পৰিছে সৰুপথাৰ সমষ্টিৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী । যাৰ বাবে গৌৰৱ গগৈৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰি সমষ্টিটো মিত্ৰ দলক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে কংগ্ৰেছ কৰ্মীসকলে ।

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ কৰ্মীৰ এই ক্ষোভে সৰুপথাৰ সমষ্টিত কংগ্ৰেছত একপ্ৰকাৰ নতুন ৰাজনৈতিক অস্থিৰতাৰ ইংগিত দিছে । যদিহে সমষ্টিটো অজাপক এৰি দিয়া হয় তেন্তে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰাৰো ভাবুকি দিছে । ইয়াৰ মাজতে কাইলৈৰ পৰা সৰুপথাৰ সমষ্টি অজাপক এৰি দিয়াৰ বিৰোধিতাৰে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কাৰ্যসূচী হাতত লৈছে বুলিও জানিব পৰা গৈছে ।

বিন্নাকান্দিতো বিদ্ৰোহৰ জুই-

ইফালে বিন্নাকান্দি সমষ্টিটো দেখা গৈছে কংগ্ৰেছ কৰ্মীৰ বিদ্ৰোহৰ দাবানল । সংখ্যালঘু অধ্যুষিত সমষ্টি বিন্নাকান্দিত বিৰোধী দল কংগ্ৰেছে আসনখন অসম জাতীয় পৰিষদক এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছৰ তৃণমূল কৰ্মীসকল । সমষ্টিৰ তৃণমূল কংগ্ৰেছ কৰ্মীসকলে বিন্নাকান্দি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দিয়াৰ দাবীত বুধবাৰে নিশা ডবকাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

তদুপৰি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধেও কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । “ৰকিবুল হটাও, কংগ্ৰেছ বাচাও” শ্লোগান দি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলৰ অভিযোগ অনুসৰি, ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলৰ সৈতে বুজাবুজি কৰি সাংগঠনিকভাৱে শক্তিশালী বিন্নাকান্দি সমষ্টিটো কংগ্ৰেছৰ সলনি এজেপিক এৰি দিছে ।

যদি বিন্নাকান্দি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী নিদিয়ে, তেন্তে ৰকিবুল হুছেইনক বিন্নাকান্দিত প্ৰৱেশ কৰিবলৈ নিদিয়াৰো হুংকাৰ দিয়ে কংগ্ৰেছ কৰ্মীসকলে । আনহাতে, আসনখন এজেপিক এৰি দিলেও কোনো পৰিস্থিতিতেই অজাপ প্ৰাৰ্থীক সমৰ্থন নকৰে বুলিও স্পষ্ট কৰি দিয়ে কংগ্ৰেছ কৰ্মীসকলে ।

লগতে পঢ়ক : ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে মনোনয়ন আৰম্ভ; ১৬ মাৰ্চত নিৰ্বাচন

শেহতীয়া প্ৰৱন্ধসমূহ