কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ভংগৰ ইংগিত! দুই কংগ্ৰেছী বিধায়ক সন্দৰ্ভত গৌৰৱ গগৈৰ ক্ষোভ

কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ভংগৰ ইংগিত! দুই কংগ্ৰেছী বিধায়ক সন্দৰ্ভত গৌৰৱ গগৈৰ ক্ষোভ

ভংগ হ’ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। দুই কংগ্ৰেছী বিধায়ক ৰাইজৰ দললৈ যোৱাক লৈ ক্ষোভ প্ৰকাশ গৌৰৱ গগৈৰ। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ সাংসদ গৌৰৱ গগৈৱে ক্ষোভ প্ৰকাশ কৰিছে। দুই কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডলে ৰাইজৰ দললৈ যোৱাক লৈ ক্ষোভ

ভংগ হ’ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। দুই কংগ্ৰেছী বিধায়ক ৰাইজৰ দললৈ যোৱাক লৈ ক্ষোভ প্ৰকাশ গৌৰৱ গগৈৰ।

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ সাংসদ গৌৰৱ গগৈৱে ক্ষোভ প্ৰকাশ কৰিছে। দুই কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডলে ৰাইজৰ দললৈ যোৱাক লৈ ক্ষোভ গৌৰৱ গগৈৰ।

যাৰ বাবে এতিয়া মিত্ৰতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। মিত্ৰতাৰ সন্দৰ্ভত এতিয়া গৌৰৱ গগৈয়ে কৈছে যে,ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত আলোচনা চলি আছে।

কিন্তু ৰাইজৰ দলৰ সৈতে মিত্ৰতাক লৈ পূৰ্বতে যিমান নিশ্চিত আছিলো এতিয়া সেয়া পজিটিভিতি এশ শতাংশ কমিল।

পূৰ্বৰ দৰে ৰাইদৰ দলৰ সৈতে মিত্ৰতাক লৈ আশাবাদী নহয় কংগ্ৰেছ।কংগ্ৰেছে নিলম্বন কৰা বিধায়কক ৰাইজৰ দলে আদৰি লোৱা কাৰণ কি সেই কথা কংগ্ৰেছে বুজা নাই।

গৌৰৱ গগৈয়ে লগতে কয় যে অখিল গগৈয়ে আগৰে পৰাই সংবাদ মাধ্যমৰ সন্মুখত কথা কয়।আমাৰ সেই অভ্যাস নাই আৰু  পৰম্পৰাও নহয়।কংগ্ৰেছে আনুষ্ঠানিক আলোচনা কৰি গোপনীয়তা বাহল ৰাখিহে কথা কয়।

এনে পৰিৱেশ আমি বহুদিনৰ পৰাই চাই আছো।ৰাইজৰ দলৰ প্ৰাৰ্থী সৱল নে দুৰ্ৱল সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব। গতিকে আমি এই মিত্ৰতাৰ বিষয়ক লৈ একো নাভাবোঁ।

লগতে পঢ়ক: ‘পছন্দৰ ১২ খন আসন পালেহে মিত্ৰতা হ’ব’; কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ