চিন্তা বাঢ়িল ভাৰতীয় দলৰ! বিশ্বকাপ এৰি ঘৰলৈ ঘূৰিল এইগৰাকী তাৰকা খেলুৱৈ

চিন্তা বাঢ়িল ভাৰতীয় দলৰ! বিশ্বকাপ এৰি ঘৰলৈ ঘূৰিল এইগৰাকী তাৰকা খেলুৱৈ

টি-২০ বিশ্বকাপ ২০২৬ত ছেমিফাইনেলৰ পথ ক্ৰমান্বয়ে কঠিন হৈ পৰিছে ভাৰতীয় দলৰ । ইয়াৰ মাজতে আন এক সমস্যাই দলক চিন্তিত কৰি তুলিছে । ইটোৰ পিছত সিটো বিপদে লগ নেৰা হৈছে ভাৰতীয় দলৰ । চলিত টি-২০ বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ চাৰিওখন মেচত জয়লাভ কৰিলেও ছুপাৰ-৮ৰ প্ৰথমখন মেচত দক্ষিণ

টি-২০ বিশ্বকাপ ২০২৬ত ছেমিফাইনেলৰ পথ ক্ৰমান্বয়ে কঠিন হৈ পৰিছে ভাৰতীয় দলৰ । ইয়াৰ মাজতে আন এক সমস্যাই দলক চিন্তিত কৰি তুলিছে ।

ইটোৰ পিছত সিটো বিপদে লগ নেৰা হৈছে ভাৰতীয় দলৰ । চলিত টি-২০ বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ চাৰিওখন মেচত জয়লাভ কৰিলেও ছুপাৰ-৮ৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয় দলটো । ইয়াৰ পিছতে এতিয়া টি-২০ বিশ্বকাপ ২০২৬ত ছেমিফাইনেলৰ পথ ক্ৰমান্বয়ে কঠিন হৈ পৰিছে ভাৰতীয় দলৰ । ইয়াৰ মাজতে ভাৰতীয় দলটোৱে আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । তাৰকা ক্ৰিকেটাৰ ৰিংকু সিঙে প্ৰতিযোগিতাখন আধাতে এৰি ঘৰলৈ উভতিছে । মঙলবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰতীয় দলৰ অনুশীলন অনুষ্ঠিত হৈছিল যদিও ৰিংকু সিঙে অংশ লোৱা নাছিল । অশ্যে আন খেলুৱৈসকলক অনুশীলন কৰা দেখা যায় ।

জানিব পৰা মতে ৰিংকু সিঙৰ পিতৃ অসুস্থ হৈ পৰিছে । তেওঁৰ অৱস্থা সংকটজনক । সেইবাবে হঠাৎ ঘৰলৈ উভতিব লগা হৈছে দলৰ বিস্ফোৰক বেটছমেন ৰিংকু সিং । ২৮ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশৰ আলিগড়ত । ৰিংকুৱে কেতিয়া ঘূৰি আহি টিম ইণ্ডিয়াত যোগদান কৰিব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আপডেট প্ৰকাশ হোৱা নাই ।

২৬ ফেব্ৰুৱাৰীত জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ মেচ-

টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতৰ পৰৱৰ্তী মেচ জিম্বাবুৱেৰ বিৰুদ্ধে । যদিও টিম ইণ্ডিয়াই জিম্বাবুৱেৰ দৰে সৰু দলৰ মুখামুখি হ’ব, তথাপিও ভাৰতৰ বাবে এই মেচখন অতি গুৰুত্বপূৰ্ণ । কিয়নো ভাৰতীয় দলটোৱে এই মেচখনত বৃহৎ ব্যৱধানত জয়ী হ’ব লাগিব । অন্যথা এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব পাৰে ডিফেণ্ডিং চেম্পিয়ন দলটো । এই প্ৰতিযোগিতাখনত জিম্বাবুৱেই ব্যতিক্ৰমীভাৱে ভাল খেলিছে, আনকি দুটা ডাঙৰ অঘটনো ঘটাইছে । চলিত বিশ্বকাপত জিম্বাবুৱেই শক্তিশালী অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাক পৰাস্ত কৰিছে ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপত এই দিনটোত হ’ব ভাৰত-পাকিস্তানৰ যুঁজ, জানক সম্পূৰ্ণ সূচী

শেহতীয়া প্ৰৱন্ধসমূহ