মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা; এআইৰ ক্ষেত্ৰত ব্যয় কৰিব ১০ লাখ কোটি টকা

মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা; এআইৰ ক্ষেত্ৰত ব্যয় কৰিব ১০ লাখ কোটি টকা

ভাৰতত চলি থকা এআই সন্মিলনত দেশৰ ধনী ব্যক্তি মুকেশ আম্বানীয়ে এআইৰ ক্ষেত্ৰত ১০ লাখ কোটি টকা ব্যয় কৰাৰ কথা উল্লেখ কৰিছে। ভাৰতক এআইৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে আৰু দেশৰ আগশাৰীৰ কোটিপতিসকলে ডাঙৰ ডাঙৰ ঘোষণা কৰা দেখা গৈছে। দেশৰ

ভাৰতত চলি থকা এআই সন্মিলনত দেশৰ ধনী ব্যক্তি মুকেশ আম্বানীয়ে এআইৰ ক্ষেত্ৰত ১০ লাখ কোটি টকা ব্যয় কৰাৰ কথা উল্লেখ কৰিছে।

ভাৰতক এআইৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে আৰু দেশৰ আগশাৰীৰ কোটিপতিসকলে ডাঙৰ ডাঙৰ ঘোষণা কৰা দেখা গৈছে।

দেশৰ ধনী ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে আগন্তুক সাত বছৰত এই খণ্ডত ১০ লাখ কোটিৰ ব্যাপক বিনিয়োগৰ কথা ঘোষণা কৰিছে।

ইয়াৰ উপৰিও আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়েও ৮ লাখ কোটিতকৈ অধিক টকা ব্যয় কৰাৰ কথা ঘোষণা কৰিছে।

নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হোৱা ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ত বৃহস্পতিবাৰে অংশগ্ৰহণ কৰা মুকেশ আম্বানীয়ে এই বিনিয়োগৰ কথা ঘোষণা কৰিছে।

শীৰ্ষ সন্মিলনত ভাষণৰ সময়ত ৰিলায়েন্সৰ অধ্যক্ষই কয় যে এআই সৰ্বশ্ৰেষ্ঠ ৰূপটো এতিয়াও আহিবলৈ বাকী আছে আৰু ইয়াৰ দ্বাৰা মহান সমৃদ্ধিৰ যুগৰ সূচনা হ’ব পাৰে।

এই সময়ত তেওঁ এটা ডাঙৰ ঘোষণা কৰি কয় যে ৰিলায়েন্সৰ সৈতে জিঅ’ই ৭ বছৰৰ ভিতৰত এই খণ্ডত ১০ লাখ কোটি টকা বিনিয়োগ কৰিব।

কোটিপতি মুকেশ আম্বানীয়ে এআইত কয় যে ৰিলায়েন্স গ্ৰুপে ১০ লাখ কোটি টকা বিনিয়োগ ঘোষণা কৰাৰ লগতে প্ৰতিশ্ৰুতিও দিছে যে, মোবাইল ডাটাৰ দৰেই কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰতো এক বিপ্লৱ হ’ব।

লগতে পঢ়ক: ‘এআইক যি দিশলৈকে নিয়া হয়, সেয়াই আমাৰ ভৱিষ্যত হ’ব’; প্ৰধানমন্ত্ৰী মোদী