পঞ্জাৱ সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; চণ্ডীগড়ত হাই-এলাৰ্ট

পঞ্জাৱ সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; চণ্ডীগড়ত হাই-এলাৰ্ট

পঞ্জাৱ অসামৰিক সচিবালয় আৰু মিনি সচিবালয়ৰ লগতে আৰক্ষী মুখ্য কাৰ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে। এই ভাবুকিৰ পিছতে সমগ্ৰ কেম্পাছত হাই এলাৰ্ট ঘোষণা কৰা হয়। পঞ্জাৱ সচিবালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ইমেইল পোৱাৰ পিছতে আতংকিত হৈ পৰিছে প্ৰশাসন।সতৰ্কতামূলক ব্যৱস্থা হিচাপে আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া

পঞ্জাৱ অসামৰিক সচিবালয় আৰু মিনি সচিবালয়ৰ লগতে আৰক্ষী মুখ্য কাৰ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে। এই ভাবুকিৰ পিছতে সমগ্ৰ কেম্পাছত হাই এলাৰ্ট ঘোষণা কৰা হয়।

পঞ্জাৱ সচিবালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ইমেইল পোৱাৰ পিছতে আতংকিত হৈ পৰিছে প্ৰশাসন।সতৰ্কতামূলক ব্যৱস্থা হিচাপে আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি সমগ্ৰ চৌহদটোৰ তদন্ত আৰম্ভ কৰিছে।

ইমেইলৰ জৰিয়তে এই ভাবুকি প্ৰেৰণ কৰা হৈছে।এই ইমেইলত সচিবালয় কমপ্লেক্সত বিস্ফোৰণ সংঘটিত কৰাৰ কথা লিখা হৈছিল।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনে সচিবালয়ৰ চৌহদত উপস্থিত হৈ হিচাপে সমগ্ৰ সচিবালয় কমপ্লেক্সটো খালী কৰিছে, আৰু কৰ্মচাৰী আৰু জনসাধাৰণক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়।নিৰাপত্তা সংস্থাই অঞ্চলটো ঘেৰাও কৰি হাই এলাৰ্ট ঘোষণা কৰে।

তথ্য অনুসৰি সংশ্লিষ্ট বিভাগে এটা ইমেইল লাভ কৰে য’ত সচিবালয়ত বোমা বিস্ফোৰণৰ সন্দৰ্ভত সতৰ্কবাণী দিয়া হয়।ইমেইলটোত সময়ৰ কথা উল্লেখ কৰা হৈছিল, যাৰ ফলত প্ৰশাসনৰ চিন্তা আৰু অধিক বৃদ্ধি পাইছে।লগে লগে আৰক্ষীয়ে অঞ্চলটোত বেৰিকেড লগাই সকলো প্ৰৱেশ আৰু প্ৰস্থান গেটতে কঠোৰ নিৰীক্ষণ আৰম্ভ কৰে।

এই ভাবুকিৰ পিছতে আৰক্ষী বাহিনী, বোমা নিষ্কাশন দল উপস্থিত হয়।নিৰাপত্তা সংস্থাসমূহে সচিবালয়ৰ প্ৰতিটো অংশত পুংখানুপুংখ অভিযান আৰম্ভ কৰিছে।

জানিব পৰা মতে, ইমেইলটোত লিখা আছিল যে পঞ্জাৱ সচিবালয়ত দুপৰীয়া ২:১১ বজাত আৰু চণ্ডীগড় ক’ৰ্ট কমপ্লেক্সত বিয়লি ৩:১১ বজাত বিস্ফোৰণ হ’ব।এই কাৰণে আদালত চৌহদত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

লগতে পঢ়ক: ‘মমতা বেনাৰ্জীয়ে কৰিছে আতংক,আঁতৰাইছে সকলো প্ৰমাণ’; উচ্চতম ন্যায়ালয়ত ইডিৰ অভিযোগ

শেহতীয়া প্ৰৱন্ধসমূহ