'কংগ্ৰেছৰ সময়ত CM হোৱা হ’লে কাললৈ কলংক ৰৈ গ'লহেতেন': হিমন্ত বিশ্ব শৰ্মা

‘কংগ্ৰেছৰ সময়ত CM হোৱা হ’লে কাললৈ কলংক ৰৈ গ’লহেতেন’: হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, সেই সময়ত যে মই মুখ্যমন্ত্ৰী নহ’লো সেয়া মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিল । কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱা হ’লে কাললৈ এটা কলংক থাকি গ’লহেতেন । প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দল ত্যাগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি । ইয়াৰ মাজতে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, সেই সময়ত যে মই মুখ্যমন্ত্ৰী নহ’লো সেয়া মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিল । কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱা হ’লে কাললৈ এটা কলংক থাকি গ’লহেতেন ।

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দল ত্যাগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি । ইয়াৰ মাজতে কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন বিস্ফোৰণ ঘটাইছে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই মঙলবাৰে কয় যে ২০১৪ চনত যেতিয়া ৫৮ জন দলীয় বিধায়কে তেওঁৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰিছিল, তেতিয়া কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওঁক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ কৈছিল ।

ৰাজ্যিক বিধানসভাত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সেই সময়ত বিদেশত থকা ৰাহুল গান্ধীৰ হস্তক্ষেপৰ বাবে এই পৰিকল্পনা বাস্তৱায়িত নহ’ল । ড০ শৰ্মাই কয়, “মেডাম (ছোনিয়া গান্ধী), যাক মই আজিও সেই বুলিয়েই সম্বোধন কৰোঁ, তেওঁ মোক তাৰিখ থিৰাং কৰিবলৈ কৈছিল । মই তেওঁক জনাইছিলোঁ যে জুন মাহত (২০১৪) কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ পিছত মই শপত ল’ম ।”

তেওঁৰ মতে, ৰাহুল গান্ধীয়ে দলীয় নেতৃত্বক “ফোন কৰাৰ” পিছত পৰিস্থিতি সলনি হৈছিল । সেই কথোপকথনৰ সবিশেষ তেওঁ উল্লেখ কৰা নাছিল যদিও ইয়াৰ ফলত ৰাজ্যিক কংগ্ৰেছৰ ভিতৰচ’ৰাৰ পৰিঘটনাৰ গতিপথ সলনি হোৱা বুলি তেওঁ ইংগিত দিয়ে ।

সেই সময়ৰ কথা স্মৰণ কৰি শৰ্মাই কয়, “মই তেতিয়া আঘাত পাইছিলোঁ, কিন্তু এতিয়া মই বিশ্বাস কৰোঁ যে মানুহৰ জীৱনত যি ঘটে সেয়া মংগলৰ বাবেই হয় । মই কংগ্ৰেছত থকা হ’লে যি পালোঁহেঁতেন, ভগৱানে মোক তাতকৈ বহুত বেছি দিছে ।”

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, সেই সময়ত যে মই মুখ্যমন্ত্ৰী নহ’লো সেয়া মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিল । কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱা হ’লে কাললৈ এটা কলংক থাকি গ’ল হেতেন ।

লগতে তেওঁক সেই সময়ত মুখ্যমন্ত্ৰী নপতাৰ বাবে ৰাহুল গান্ধীক ধন্যবাদ জনাই ড০ শৰ্মাই কয় যে “মোক কংগ্ৰেছে গোৰ মাৰি গংগাত পেলালে । যাৰ বাবে আজি মই অসমৰ বাবে আৰু সনাতন ধৰ্মৰ বাবে বুকু ডাঠ কৰি কাম কৰিব পাৰিছোঁ ।“

তেওঁ কয় যে বিজেপিৰ অধীনত মুখ্যমন্ত্ৰী হোৱাৰ বাবে তেওঁ এনে কিছুমান সুযোগ পালে যিবোৰ অন্যথা সম্ভৱ নহ’লহেঁতেন বুলি তেওঁ বিশ্বাস কৰে । তেওঁ কয়, “বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে মই অসম আৰু সনাতন ধৰ্মক আন্তৰিকতাৰে সেৱা কৰাৰ সুযোগ পালোঁ, যিটো কংগ্ৰেছত থকা হ’লে সম্ভৱ নহ’লহেঁতেন ।”

লগতে পঢ়ক : অসম প্ৰদেশ কংগ্ৰেছ কমিটী এতিয়া APCC-Rলৈ পৰিণত হৈছেঃ ক্ষোভ উজাৰিলে ভূপেন বৰাই

শেহতীয়া প্ৰৱন্ধসমূহ