‘প্ৰিয় বন্ধু মেক্ৰন…’ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ভাৰতলৈ আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

‘প্ৰিয় বন্ধু মেক্ৰন…’ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ভাৰতলৈ আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

নৰেন্দ্ৰ মোদীয়ে ভাৰত ভ্ৰমণলৈ অহা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা বিশেষ ফোষ্টেৰে আদৰণি জনায় । মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ভ্ৰমণলৈ অহা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা বিশেষ ফোষ্টেৰে আদৰণি জনায় । এক্স পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “ভাৰতলৈ আপোনাক

নৰেন্দ্ৰ মোদীয়ে ভাৰত ভ্ৰমণলৈ অহা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা বিশেষ ফোষ্টেৰে আদৰণি জনায় ।

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ভ্ৰমণলৈ অহা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা বিশেষ ফোষ্টেৰে আদৰণি জনায় । এক্স পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “ভাৰতলৈ আপোনাক স্বাগতম! ভাৰত আপোনাৰ ভ্ৰমণ আৰু আমাৰ পাৰস্পৰিক সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে আগ্ৰহী । মোৰ বিশ্বাস যে আমাৰ আলোচনাই বিভিন্ন খণ্ডত সহযোগিতা আৰু অধিক শক্তিশালী কৰি তুলিব আৰু বিশ্বজুৰি অৰিহণা যোগাব । মুম্বাইত আৰু পিছলৈ দিল্লীত লগ হ’ম মোৰ প্ৰিয় বন্ধু ইমানুৱেল মেক্ৰন ।”

উল্লেখযোগ্য যে ভাৰত ভ্ৰমণৰ বাবে মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন আৰু ফাৰ্ষ্ট লেডী ব্ৰীজিট মেক্ৰনে মুম্বাইত উপস্থিত হয় । তেওঁলোকৰ এই ভ্ৰমণ ১৯ ফেব্ৰুৱাৰীলৈকে চলিব । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীক মুম্বাই বিমানবন্দৰত আদৰণি জনায় মহাৰাষ্ট্ৰৰ গৱৰ্ণৰ আচাৰ্য দেৱব্ৰত আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি মেক্ৰন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে যৌথভাৱে ভাৰত এআই ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰিব, যিয়ে কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল শাসন আৰু চাইবাৰ সুৰক্ষাৰ দৰে বিষয়ত অংশীদাৰিত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । ভাৰত-ফ্ৰান্স উদ্ভাৱন মঞ্চৰ অধীনত উদ্ভাৱন, ষ্টাৰ্ট-আপ সহযোগিতা, উচ্চ শিক্ষা, আৰু গৱেষণাৰ যৌথ প্ৰকল্পৰ ক্ষেত্ৰতো দুয়োগৰাকী নেতাই সুনিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : বাংলাদেশে শীঘ্ৰেই লাভ কৰিব নতুন প্ৰধানমন্ত্ৰী, তাৰিক ৰহমানৰ শপতগ্ৰহণৰ পূৰ্বে পদত্যাগ মহম্মদ ইউনুছৰ