প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহৰ পৰা ৰাহুল গান্ধীলৈ... পুলৱামাৰ বীৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহৰ পৰা ৰাহুল গান্ধীলৈ… পুলৱামাৰ বীৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা চি আৰ পি এফৰ বীৰ জোৱানসকললৈ দেশৰ ৰাজনৈতিক নেতাসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । ২০১৯ চনত জম্মু-কাশ্মীৰত সংঘটিত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা চি আৰ পি এফৰ বীৰ জোৱানসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে তেওঁলোকৰ অদম্য

পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা চি আৰ পি এফৰ বীৰ জোৱানসকললৈ দেশৰ ৰাজনৈতিক নেতাসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

২০১৯ চনত জম্মু-কাশ্মীৰত সংঘটিত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা চি আৰ পি এফৰ বীৰ জোৱানসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে তেওঁলোকৰ অদম্য সাহস আৰু ত্যাগে প্ৰতিজন ভাৰতীয়কে শক্তি প্ৰদান কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “২০১৯ চনত পুলৱামাত প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ । তেওঁলোকৰ দেশপ্ৰেম, দৃঢ়তা আৰু সেৱা আমাৰ স্মৃতিত সদায় খোদিত হৈ থাকিব । প্ৰতিজন ভাৰতীয়ই তেওঁলোকৰ সাহসৰ পৰা শক্তি আহৰণ কৰে ।”

শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ-

২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা চি আৰ পি এফ জোৱানসকললৈ শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ সৰ্ববৃহৎ শত্ৰু আৰু ভাৰতে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ ।

অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা বাৰ্তা শ্বেয়াৰ কৰি লিখিছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি নিজৰ প্ৰাণ আহুতি দিয়া সাহসী নিৰাপত্তাৰক্ষী আৰু নিৰাপত্তা সংস্থাৰ ওচৰত ৰাষ্ট্ৰ সদায় ঋণী হৈ থাকিব । তেওঁ কয় যে আমাৰ জোৱানসকলৰ সাহস, নিষ্ঠা, ত্যাগ দেশে কেতিয়াও পাহৰিব নোৱাৰে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব আৰু ভাৰতে ইয়াক নিৰ্মূল কৰিবলৈ সৰ্বশক্তিৰে চেষ্টা কৰি যাব ।

শ্বহীদ জোৱানক স্মৰণ উপ-ৰাষ্ট্ৰপতিৰ-

ইফালে উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনেও শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে পুলৱামা আক্ৰমণত মৃত্যু হোৱা জোৱানসকলৰ পৰম ত্যাগ ৰাষ্ট্ৰৰ স্মৃতিত সদায় খোদিত হৈ থাকিব আৰু শক্তিশালী আৰু সুৰক্ষিত ভাৰত গঢ়াৰ বাবে আমাক অনুপ্ৰাণিত কৰি যাব ।

প্ৰাণ আহুতি দিয়া বীৰ জোৱানৰ প্ৰতি ৰাহুল গান্ধীৰ শ্ৰদ্ধাঞ্জলি-

আনহাতে লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলক তেওঁলোকৰ সাহস আৰু বীৰত্বক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লিখিছে, ‘২০১৯ চনত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা আমাৰ বীৰ জোৱানসকলৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি । তেওঁ কয় যে ভাৰত মাতৃক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰম ত্যাগৰ বাবে ৰাষ্ট্ৰ তেওঁলোকৰ ওচৰত সদায় ঋণী হৈ থাকিব ।

উল্লেখ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত চি আৰ পি এফৰ বাহনক লক্ষ্য কৰি সংঘটিত হৈছিল আত্মঘাতী আক্ৰমণ । ৭৮খন বাছত যাত্ৰা কৰা ২৫০০ চি আৰ পি এফ জোৱানৰ ভিতৰত ৪০ জন এই ঘটনাত শ্বহীদ হৈছিল । পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল ।

লগতে পঢ়ক : অসমত জৰুৰীকালীন অৱতৰণৰ সুবিধাৰ আৰম্ভণি, প্ৰধানমন্ত্ৰী মোদীৰ বিমানৰ ঐতিহাসিক অৱতৰণ; জানক সকলো

শেহতীয়া প্ৰৱন্ধসমূহ