প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহৰ পৰা ৰাহুল গান্ধীলৈ… পুলৱামাৰ বীৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি
পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা চি আৰ পি এফৰ বীৰ জোৱানসকললৈ দেশৰ ৰাজনৈতিক নেতাসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।
২০১৯ চনত জম্মু-কাশ্মীৰত সংঘটিত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা চি আৰ পি এফৰ বীৰ জোৱানসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে তেওঁলোকৰ অদম্য সাহস আৰু ত্যাগে প্ৰতিজন ভাৰতীয়কে শক্তি প্ৰদান কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “২০১৯ চনত পুলৱামাত প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ । তেওঁলোকৰ দেশপ্ৰেম, দৃঢ়তা আৰু সেৱা আমাৰ স্মৃতিত সদায় খোদিত হৈ থাকিব । প্ৰতিজন ভাৰতীয়ই তেওঁলোকৰ সাহসৰ পৰা শক্তি আহৰণ কৰে ।”
শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ-
২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা চি আৰ পি এফ জোৱানসকললৈ শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ সৰ্ববৃহৎ শত্ৰু আৰু ভাৰতে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ ।
অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা বাৰ্তা শ্বেয়াৰ কৰি লিখিছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি নিজৰ প্ৰাণ আহুতি দিয়া সাহসী নিৰাপত্তাৰক্ষী আৰু নিৰাপত্তা সংস্থাৰ ওচৰত ৰাষ্ট্ৰ সদায় ঋণী হৈ থাকিব । তেওঁ কয় যে আমাৰ জোৱানসকলৰ সাহস, নিষ্ঠা, ত্যাগ দেশে কেতিয়াও পাহৰিব নোৱাৰে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব আৰু ভাৰতে ইয়াক নিৰ্মূল কৰিবলৈ সৰ্বশক্তিৰে চেষ্টা কৰি যাব ।
শ্বহীদ জোৱানক স্মৰণ উপ-ৰাষ্ট্ৰপতিৰ-
ইফালে উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনেও শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে পুলৱামা আক্ৰমণত মৃত্যু হোৱা জোৱানসকলৰ পৰম ত্যাগ ৰাষ্ট্ৰৰ স্মৃতিত সদায় খোদিত হৈ থাকিব আৰু শক্তিশালী আৰু সুৰক্ষিত ভাৰত গঢ়াৰ বাবে আমাক অনুপ্ৰাণিত কৰি যাব ।
প্ৰাণ আহুতি দিয়া বীৰ জোৱানৰ প্ৰতি ৰাহুল গান্ধীৰ শ্ৰদ্ধাঞ্জলি-
আনহাতে লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলক তেওঁলোকৰ সাহস আৰু বীৰত্বক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লিখিছে, ‘২০১৯ চনত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা আমাৰ বীৰ জোৱানসকলৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি । তেওঁ কয় যে ভাৰত মাতৃক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰম ত্যাগৰ বাবে ৰাষ্ট্ৰ তেওঁলোকৰ ওচৰত সদায় ঋণী হৈ থাকিব ।
উল্লেখ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত চি আৰ পি এফৰ বাহনক লক্ষ্য কৰি সংঘটিত হৈছিল আত্মঘাতী আক্ৰমণ । ৭৮খন বাছত যাত্ৰা কৰা ২৫০০ চি আৰ পি এফ জোৱানৰ ভিতৰত ৪০ জন এই ঘটনাত শ্বহীদ হৈছিল । পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল ।
লগতে পঢ়ক : অসমত জৰুৰীকালীন অৱতৰণৰ সুবিধাৰ আৰম্ভণি, প্ৰধানমন্ত্ৰী মোদীৰ বিমানৰ ঐতিহাসিক অৱতৰণ; জানক সকলো