ভাৰত-পাকিস্তানৰ খেলত খলনায়ক হ’ব পাৰে বৰষুণ; শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি

ভাৰত-পাকিস্তানৰ খেলত খলনায়ক হ’ব পাৰে বৰষুণ; শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ মাজত খেলখন অনুষ্ঠিত হ’ব। কিন্তু তাৰ পূৰ্বে শ্ৰীলংকা বতৰ বিজ্ঞান বিভাগে এক বেয়া খবৰ দিছে। অহা ১৫ ফেব্ৰুৱাৰীত (দেওবাৰে) আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত ভাৰত-পাকিস্তানৰ খেলখন অনুষ্ঠিত হ’ব।কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ’ব। ১৫

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ মাজত খেলখন অনুষ্ঠিত হ’ব। কিন্তু তাৰ পূৰ্বে শ্ৰীলংকা বতৰ বিজ্ঞান বিভাগে এক বেয়া খবৰ দিছে।

অহা ১৫ ফেব্ৰুৱাৰীত (দেওবাৰে) আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত ভাৰত-পাকিস্তানৰ খেলখন অনুষ্ঠিত হ’ব।কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ’ব।

১৫ ফেব্ৰুৱাৰীৰ হ’বলগীয়া এই মেচখনৰ বাবে সকলো লোক আশাৰে ৰৈ আছে। কিন্তু শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ আগতীয়া সতৰ্কবাণী কেন্দ্ৰই ক্ৰিকেট অনুৰাগীৰ বাবে এক বেয়া খবৰ দিছে। শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগে ১৫–১৬ ফেব্ৰুৱাৰীৰ বাবে বিশেষ সতৰ্কবাণী জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ মতে ১৫ ফেব্ৰুৱাৰীৰ দিনটোত ধুমুহা অহাৰ সম্ভাৱনা আছে, যাৰ ফলত প্ৰচণ্ড বৰষুণো হ’ব পাৰে।

শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১৫ ফেব্ৰুৱাৰীৰ আশে-পাশে দক্ষিণ-পূব বংগ উপসাগৰত নিম্ন চাপৰ অঞ্চল গঠন হোৱাৰ সম্ভাৱনা আছে।এই কাৰণে প্ৰচণ্ড বৰষুণ আৰু বেয়া বতৰৰ ভৱিষ্যদ্বাণী কৰা হৈছে।

১৫ ফেব্ৰুৱাৰীত দিনটোত ৬০ৰ পৰা ৮৫ শতাংশ বৰষুণৰ সম্ভাৱনা থকাৰ বিপৰীতে আৰ্দ্ৰতা ৮৪ শতাংশ পৰ্যন্ত থাকিব পাৰে।

accuweather.com ৰ তথ্য অনুসৰি ভাৰত-পাকিস্তানৰ খেলৰ দিনটোত বতৰ সম্পূৰ্ণ পৰিষ্কাৰ হোৱাৰ সম্ভাৱনা বহু কম।প্ৰায় ৪ ঘণ্টা বৰষুণ হব পাৰে, অৰ্থাৎ মেচখনত বাৰে বাৰে বাধা আহিব পাৰে।

লগতে পঢ়ক: