‘বন্দে মাতৰম’ সন্দৰ্ভত চৰকাৰে নতুন নিয়ম জাৰি কৰিছে । এতিয়া পৰা বিশেষ চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰম গোৱা বা বজোৱা বাধ্যতামূলক হ’ব।
‘বন্দে মাতৰম’ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নতুন চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে। ২০২৬ চনৰ ২৮ জানুৱাৰীত জাৰি কৰা আনুষ্ঠানিক চৰকাৰী আদেশৰ জৰিয়তে এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰা হৈছে।
ইয়াৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় সংগীত গায়ন আৰু পৰিবেশনৰ বাবে স্পষ্ট প্ৰট’কল নিৰ্ধাৰণ কৰা,যিটো ইতিমধ্যে জাতীয় সংগীতৰ বাবে নিৰ্ধাৰিত হৈ আছে।
নতুন গাইডলাইন অনুসৰি,যদি কোনো চৰকাৰী অনুষ্ঠানত ‘বন্দে মাতৰম’ গোৱা বা বজোৱা হয়, তেন্তে ইয়াৰ সম্পূৰ্ণ ছটা পদ (৬টা স্তৱক)ক অগ্ৰাধিকাৰ দিয়া হ’ব। এতিয়ালৈকে প্ৰথম দুটা পদহে গোৱা হৈছিল, কিন্তু নতুন নিৰ্দেশনাত মূল সম্প্ৰসাৰিত ৰূপটোক স্বীকৃতি দিয়া হৈছে।
এতিয়া বিশেষ চৰকাৰী অনুষ্ঠানত বন্দে মাতৰমৰ চৰকাৰী ছয়টা স্তৱক গোৱা বা বজোৱা বাধ্যতামূলক হ’ব।ইয়াৰ সময়সীমা ৩ মিনিট ১০ ছেকেণ্ড নিৰ্ধাৰণ কৰা হৈছে।
যদি কোনো অনুষ্ঠানত ‘বন্দে মাতৰম’ আৰু ‘জন গণ মন’ দুয়োটা গোৱা হয়, তেন্তে প্ৰথমে ‘বন্দে মাতৰম’ আৰু তাৰ পিছত জাতীয় সংগীত ‘জন গণ মন’ উপস্থাপন কৰা হ’ব।
সন্মান আৰু সৌজন্যতাৰ বিষয় হিচাপেও নিৰ্দেশ দিয়া হৈছে (প্ৰট’কল) যে বন্দে মাতৰম গোৱা বা বজোৱাৰ সময়ত উপস্থিত থকা লোকসকলে সন্মানেৰে থিয় দিব লাগিব,ঠিক যেনেকৈ আমি জাতীয় সংগীতৰ সময়ত থিয় দিওঁ।
এই নিৰ্দেশনাসমূহ মূলতঃ চৰকাৰী অনুষ্ঠান, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান, শিক্ষানুষ্ঠানৰ চৰকাৰী কাৰ্যসূচী আৰু চৰকাৰী প্ৰট’কল থকা অন্যান্য অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
লগতে পঢ়ক: আজিৰে পৰা আৰম্ভ হ’ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম; ১২০০ মৌলানাই কৰিব কোৰান পাঠ









