‘বেদখলকাৰীৰ বাবে কোনো সকাহ নাই, অসমত উচ্ছেদ চলি থাকিব’; মুখ্যমন্ত্ৰী

‘বেদখলকাৰীৰ বাবে কোনো সকাহ নাই, অসমত উচ্ছেদ চলি থাকিব’; মুখ্যমন্ত্ৰী

অসমত চলি থকা উচ্ছেদক লৈ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে। উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে। এই ৰায়দানত ৰাজ্য চৰকাৰক বনাঞ্চলত উচ্ছেদ অভিযান অব্যাহত ৰাখিবলৈ অনুমতি দিয়াৰ লগতে এটা গাঁথনিগত পৰ্যালোচনা

অসমত চলি থকা উচ্ছেদক লৈ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে।

উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে। এই ৰায়দানত ৰাজ্য চৰকাৰক বনাঞ্চলত উচ্ছেদ অভিযান অব্যাহত ৰাখিবলৈ অনুমতি দিয়াৰ লগতে এটা গাঁথনিগত পৰ্যালোচনা ব্যৱস্থা স্থাপন কৰাৰ বাবেও অনুমতি প্ৰদান কৰিছে। বুধবাৰে দিছপুৰ লোকসেৱা ভৱনত সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এতিয়াৰে পৰা বনাঞ্চলৰ ভূমিত উচ্ছেদ চলাবলৈ চৰকাৰৰ অধিকাৰ আছে।ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰিয়ে কমিটি গঠন কৰা হ’ব।

অভিযোগ আপত্তি নিষ্পত্তিৰ বাবে চৰকাৰক কমিতি গঠন কৰাৰ বাবে ন্যায়ালয়ে পৰামৰ্শ দিছে।   বনাঞ্চলৰ সীমা নিৰ্ধাৰণৰ বাবেই এই কমিটি গঠন কৰা হৈছে।এই কমিতিৰ সমৰ্থনৰ জৰিয়তে উচ্ছেদৰ জাননী দিব পাৰিব।

জিলা আয়ুক্ত আৰু বন বিভাগৰ নেতৃত্বত গঠন হ’ব কমিটি।জাননী পোৱাৰ ১৫দিনৰ ভিতৰতে চৰকাৰে চলাব পাৰিব উচ্ছেদ।  খিলঞ্জীয়া লোকক ফৰেষ্ট আইনৰ জৰিয়তে দিয়া হ’ব ভূমিৰ অধিকাৰ।

মুখ্যমন্ত্ৰীয়ে কয় যে গোলাঘাট আৰু নগাঁও জিলাত উচ্ছেদ অভিযান চলোৱাৰ পিছত, কিছুমান ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।কিন্তু আদালতৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে এতিয়া সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অব্যাহত ৰাখিব পাৰিব।  

মুখ্যমন্ত্ৰী শৰ্মাই অৱগত কৰে যে সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ জৰিয়তে,চৰকাৰে এতিয়ালৈকে ১,২৫,৩২৬ বিঘা মাটি বেদখল মুক্ত কৰিছে।ৰাজহ ভূমিকে ধৰি পুনৰুদ্ধাৰ কৰা মুঠ মাটিকালি প্ৰায় ১.৬০ লাখ বিঘা।

লগতে পঢ়ক: ১৪ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; অসমবাসীক দিব উপহাৰৰ টোপোলা