যদি আপোনাৰো এণ্ড্ৰইড ফোন আছে তেন্তে সাৱধান। বিশ্বৰ প্ৰায় ১ বিলিয়ন এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীৰ বাবে গুগলৰ সতৰ্কবাণী জাৰি ।
আমেৰিকাৰ কোম্পানী গুগলে এটা ডাঙৰ সতৰ্কবাণী দি কয় যে এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ প্ৰায় আধা সংখ্যক মেলৱেৰ আৰু স্পাইৱেৰৰ বিপদত পৰিছে। এই বিপদৰ কাৰণ হৈছে পুৰণি এণ্ড্ৰইড অ’ এছ সংস্কৰণ।এই তথ্য ফৰ্বছে প্ৰদান কৰিছে।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই দুৰ্বলতাৰ কাৰণ হৈছে পুৰণি এণ্ড্ৰইড অ’ এছ সংস্কৰণ।যিবোৰ এণ্ড্ৰইড ১৩ বা পুৰণি অ’ এছত চলে।
পুৰণি এণ্ড্ৰইড অ’ এছ ক এতিয়া সুৰক্ষা আপডেট নাপায়,যাৰ বাবে তেওঁলোক আটাইতকৈ বেছি বিপদত পৰে।বিশ্বজুৰি এনে স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা ১ বিলিয়নতকৈও অধিক।
স্মাৰ্টফোন ব্যৱহাৰকাৰীক পৰামৰ্শ দিছে যে, যিসকলৰ মোবাইলে পুৰণি অ’ এছত কাম কৰে,তেওঁলোকে শেহতীয়া এণ্ড্ৰইড অ’ এছলৈ আপডেট কৰিব লাগে।ইয়াৰ উপৰিও, সুৰক্ষা সমৰ্থন নিয়মিতভাৱে আপডেইট কৰিব লাগে।
লগতে পঢ়ক: স্পেইন আৰু গ্ৰীচ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৬ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া









