চিকেন নেক’ত ভূগৰ্ভস্থ ৰে’ল লাইন : উত্তৰ-পূবলৈ সুৰক্ষিত কৰিড’ৰৰ আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চিকেন নেক’ত ভূগৰ্ভস্থ ৰে’ল লাইন : উত্তৰ-পূবলৈ সুৰক্ষিত কৰিড’ৰৰ আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চিকেন নেক কৰিড’ৰত প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে এক নিৰাপদ আৰু সুৰক্ষিত পথ নিশ্চিত কৰিব । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ “চিকেন নেক” কৰিড’ৰত প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগে উত্তৰ-পূব ভাৰতক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চিকেন নেক কৰিড’ৰত প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে এক নিৰাপদ আৰু সুৰক্ষিত পথ নিশ্চিত কৰিব ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ “চিকেন নেক” কৰিড’ৰত প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা এক নিৰাপদ আৰু সুৰক্ষিত পথ নিশ্চিত কৰিব । তেওঁ ইয়াক ভাৰতৰ নিৰাপত্তা আৰু কৌশলগত শক্তিৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে দশক দশক ধৰি “চিকেন নেক” কৰিড’ৰক লৈ ৰাষ্ট্ৰ বিৰোধী শক্তিয়ে ভয় দেখুৱাই হেঁচা প্ৰয়োগ কৰি আহিছে । তেওঁ কয় যে এই সংকীৰ্ণ ভূ-খণ্ড ভাৰতৰ বাবে এক কৌশলগত দুৰ্বলতা হৈ পৰিছে যিটো বহু আগতেই সমাধান হ’ব লাগিছিল ।

“এয়া এক ডাঙৰ কৌশলগত পৰিৱৰ্তন”

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগ এক ঐতিহাসিক কৌশলগত সাফল্য । ইয়াৰ জৰিয়তে উত্তৰ-পূব আৰু দেশৰ বাকী অংশৰ মাজত এক নিৰাপদ আৰু নিৰ্ভৰযোগ্য পৰিবহণ কৰিডৰ সৃষ্টি হ’ব । লগতে তেওঁ কয় যে ১৯৭১ চনৰ পিছতে এই দুৰ্বলতা দূৰ কৰিব লাগিছিল, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে এই দিশত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে ।

প্ৰধানমন্ত্ৰী আৰু ৰে’ল মন্ত্ৰীক ধন্যবাদ-

এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জনাই কয় যে এই পদক্ষেপে দীৰ্ঘদিনীয়া কৌশলগত প্ৰত্যাহ্বান বহুলাংশে দূৰ কৰিব । তেওঁ পূৰ্বৰ বক্তব্যৰ উল্লেখ কৰি কয় যে ১৯৭১ চনৰ যুদ্ধৰ পিছত যদি তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বিচৰা হেঁতেন এই কৰিড’ৰটো সম্প্ৰসাৰণ কৰিব পৰা গ’লহেঁতেন, যাৰ ফলত উত্তৰ-পূবৰ নিৰ্ভৰশীলতাৰ অন্ত পৰিলহেঁতেন ।

প্ৰকল্পৰ সবিশেষ প্ৰকাশ ৰে’ল মন্ত্ৰীৰ-

সোমবাৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে যে চৰকাৰে প্ৰায় ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ “চিকেন নেক” কৰিডৰৰ কাষত মাটিৰ তলত ৰে’লপথ স্থাপনৰ পৰিকল্পনাত কাম কৰি আছে । ইয়াৰোপৰি বৰ্তমানৰ ৰে’ল লাইন চাৰিটা লাইনলৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তাৱো অন্তৰ্ভূক্ত আছে ।

লগতে পঢ়ক : মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব য়ুমনাম খেমচান্দ সিং; এবছৰৰ পাছত ৰাজ্যখনৰ পৰা আতঁৰিব ৰাষ্ট্ৰপতি শাসন