বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ আৰু গৌৰৱ গগৈৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। অসমত ৫০০ বছৰৰ পিছটো এই চৰকাৰ নাহে বুলিও কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ ক্ষুৰধাৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, কংগ্ৰেছ ৰাইজৰ দলৰ যিমানেই মিত্ৰতা নহওক কিয়, তেওঁলোকৰ চৰকাৰ হয় বাংলাদেশত আহিব অথবা পাকিস্তানত আহিব।
কাৰণ অসমত অখিল গগৈৰ চৰকাৰ আৰু ৫০০ বছৰ পিছটো নাহে। এতিয়া গৌৰৱ গগৈক সকলোকে প্ৰয়োজন আছে। সেয়ে তেওঁ কাষ চাপি আহিছে। কিন্তু ৮ তাৰিখৰ পিছত সেয়া সলনি হ’ব পাৰে।
গতিকে ৮ তাৰিখৰ আগলৈকে অখিল গগৈক যিমান আসন লাগে বিচাৰি ল’ব লাগে। কাৰণ ৮ তাৰিখৰ পিছত গৌৰৱ গগৈয়ে তেওঁলোকক সেই সুবিধা নিদিব।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মই বিনা কাৰণত ভয় নাখাও কাৰণ মই মাৰ গাখীৰ খাই জন্ম হৈছো। গতিকে মিঞা ৰাজনীতি কৰা মানুহক বা বাংলাদেশৰ পৰা অহাবোৰক কি হিমন্ত বিশ্ব শৰ্মাই কি ভয় কৰিব নেকি?
আনহাতে বিজেপি আৰু অগপৰ আসন ভাগ-বতৰাক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,বিজেপি আৰু অগপৰ মাজত কোনো পাৰ্থক্য নাই।
অগপ জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ’ব আৰু অগপ জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰেই হ’ব। দুয়োটা দলৰে নেতা মই আৰু মোদী জী আছো। আমাৰ দুয়োটা দলৰে লক্ষ্য কেৱল অসমত বিজেপি চৰকাৰ গঠন কৰা।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, এইবাৰ অগপত যুৱ প্ৰাৰ্থী, মহিলা প্ৰাৰ্থী আৰু জ্যেষ্ঠ সকলো থাকিব।সকলোকে এটা উচিত পৰিমান দিয়া যাব।আমি দুয়োটা দলে মিলি আলোচনা কৰি আছো। সকলো থিক হ’লে শীঘ্ৰই ঘোষণা কৰা হ’ব।
লগতে পঢ়ক: উজনিৰ ৰাজপথত মিঞা মুক্ত অসমৰ হ’ৰ্ডিংচ…









