ভাৰতৰ বিৰুদ্ধে মুখামুখি হোৱাৰ সাহস গোটাব নোৱাৰি এক আজৱ সিদ্ধান্ত গ্ৰহণ কৰিছে ভয়াতুৰ পাকিস্তানে । টি-২০ বিশ্বকাপলৈ মাজত মাত্ৰ ৬টা দিন থকা অৱস্থাত এই ঘোষণা কৰিছে পিচিবিয়ে ।
টি-২০ বিশ্বকাপ ২০২৬ক লৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এক অদ্ভুত সিদ্ধান্ত গ্ৰহণ কৰিছে । এই মেগা প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে মুখামুখি হোৱাৰ সাহস গোটাব নোৱাৰি এক আজৱ সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানে । সিদ্ধান্ত অনুসৰি আগন্তুক টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে মেচ নেখেলে পাকিস্তান ক্ৰিকেট দলে । ১৫ ফেব্ৰুৱাৰীত, শ্ৰীলংকাত ভাৰত-পাকিস্তানৰ টি-২০ বিশ্বকাপৰ হাই ভল্টেজ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল । এই প্ৰতিযোগিতালৈ মাত্ৰ ৬টা দিন থকা অৱস্থাত ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখনত দলটোৱে খেলপথাৰত অৱতীৰ্ণ নহয় বুলি উল্লেখ কৰিছে পাকিস্তান চৰকাৰে ।
দেওবাৰে পাকিস্তান চৰকাৰে ঘোষণা কৰে যে ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ত তেওঁলোকৰ দলটোৱে অংশগ্ৰহণ কৰিব যদিও ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে অুষ্ঠিত হ’বলগা মেচ নেখেলে । বাংলাদেশ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ পিছতে পাকিস্তানে এই সিদ্ধান্ত গ্ৰহণ কৰে ।
পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট কৰা নাই শ্বাহবাজ চৰকাৰে । সম্প্ৰতি পাকিস্তান চৰকাৰে ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া খেলখন বৰ্জনৰ কথা ঘোষণা কৰিছে । এইখন আছিল প্ৰতিযোগিতাখনৰ লীগ পৰ্যায়ৰ মেচ । এই মেচখন শ্ৰীলংকাত অনুষ্ঠিত হোৱাৰ কথা ।
এতিয়াও আইচিচিক আনুষ্ঠানিকভাৱে জনোৱা নাই পাকিস্তানে-
জানিব পৰা মতে, এই সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি)ৰ পৰা এতিয়াও কোনো লিখিত যোগাযোগ আইচিচিয়ে পোৱা নাই । পিচিবিয়ে আনুষ্ঠানিকভাৱে আইচিচিক অৱগত কৰাৰ পিছতহে আইচিচিয়ে যিকোনো ব্যৱস্থা বা নিষেধাজ্ঞাৰ সিদ্ধান্ত ল’ব ।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু মহছিন নাকৱীৰ মাজত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ মাত্ৰ কেইমিনিটমানৰ পিছতে এই ঘোষণা কৰা হৈছে । ইয়াৰ পূৰ্বে নাকৱীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কয় যে টি-২০ বিশ্বকাপত পাকিস্তানে অংশগ্ৰহণৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ৩০ জানুৱাৰী বা ২ ফেব্ৰুৱাৰীৰ ভিতৰত ল’ব । উল্লেখ্য যে যোৱা মাহত আইচিচিয়ে বাংলাদেশৰ ঠাইত স্কটলেণ্ডে স্থান ল’ব বুলি ঘোষণা কৰাৰ পিছত মেগা প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ আৰম্ভ কৰিছিল পাকিস্তানে । বাংলাদেশে ভাৰত ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত এই সিদ্ধান্ত লৈছে ভয়াতুৰ পাকিস্তানে ।
লগতে পঢ়ক : জ’কভিচক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনত আলকাৰাজৰ ঐতিহাসিক জয়; ভংগ ৮৭ বছৰীয়া অভিলেখ









