'ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছৰ গতি লাভ কৰিব'; বাজেটক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

‘ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছে গতি লাভ কৰিব’; বাজেটক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পিছত ইয়াৰ প্ৰশংসা কৰি কয় যে এই বাজেট ঐতিহাসিক আৰু অপৰিসীম সুযোগৰ ঘাইপথ। কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ দৃষ্টিভংগী দাঙি ধৰাৰ সময়ত ইয়াক “অসীম সুযোগৰ বাজেট” বুলি অভিহিত কৰে। তেওঁ কয় যে এই বাজেটখনে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পিছত ইয়াৰ প্ৰশংসা কৰি কয় যে এই বাজেট ঐতিহাসিক আৰু অপৰিসীম সুযোগৰ ঘাইপথ।

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ দৃষ্টিভংগী দাঙি ধৰাৰ সময়ত ইয়াক “অসীম সুযোগৰ বাজেট” বুলি অভিহিত কৰে।

তেওঁ কয় যে এই বাজেটখনে বৰ্তমানৰ সপোন বাস্তৱায়িত কৰিব আৰু ইয়াৰ দ্বাৰা দেশৰ অৰ্থনীতি শক্তিশালী হ’ব।প্ৰধানমন্ত্ৰী মোদীয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক প্ৰশংসা কৰি কয় যে তেওঁ অবিৰতভাৱে বাজেট দাখিল কৰি এক ঐতিহাসিক অভিলেখ গঢ়ি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেটখন অপৰিসীম সুযোগৰ ঘাইপথ।যিয়ে উন্নত ভাৰতৰ ভেটি আৰু অধিক শক্তিশালী কৰিব।তেওঁৰ মতে, এই বাজেটখনে চৰকাৰৰ দৃষ্টিভংগী ৰূপায়ণৰ কাম কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বাজেটে ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছক নতুন গতি প্ৰদান কৰিব।ইয়াৰ ফলত দেশৰ সংস্কাৰৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ’ব আৰু অৰ্থনৈতিক গাঁথনি অধিক শক্তিশালী হ’ব।

মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰশীল ভাৰতক ত্বৰান্বিত কৰাৰ বাবে বাজেটত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে,যাৰ বাবে দেশত উৎপাদন আৰু বিনিয়োগ বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শেহতীয়াকৈ ভাৰতে বহু বৃহৎ বাণিজ্যিক চুক্তি কৰিছে।এই চুক্তিসমূহৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকলে প্ৰত্যক্ষভাৱে লাভৱান হ’ব আৰু তেওঁলোকৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে  চৰকাৰৰ লক্ষ্য হৈছে যে ভাৰতক অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলা আৰু এই বাজেট সেই দিশত এক শক্তিশালী পদক্ষেপ।

লগতে পঢ়ক: ‘বাজেটত পশ্চিম বংগক একো নিদিলে’; বাজেটক লৈ মমতা বেনাৰ্জীৰ তীক্ষ্ণ সমালোচনা

শেহতীয়া প্ৰৱন্ধসমূহ