শাস্তি দিয়াটো আদালতৰ অধিকাৰ, আৰক্ষী নহয়ঃ এনকাউন্টাৰক লৈ কঠোৰ উচ্চ ন্যায়ালয়

শাস্তি দিয়াটো আদালতৰ অধিকাৰ, আৰক্ষী নহয়ঃ এনকাউন্টাৰক লৈ কঠোৰ উচ্চ ন্যায়ালয়

এনকাউন্টাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ ধাৰাক লৈ উচ্চ ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । বিচাৰপীঠে উল্লেখ কৰে যে আৰক্ষী আইনৰ ওপৰত নহয় আৰু অপৰাধীক শাস্তি দিয়াটো আৰক্ষীৰ নহয়, ন্যায়পালিকাৰ দায়িত্ব । উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰৰ সংখ্যা বৃদ্ধি পোৱা, বিশেষকৈ অভিযুক্তৰ ভৰিত গুলীচালনা কৰি “এনকাউণ্টাৰ” ঘোষণা কৰাৰ

এনকাউন্টাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ ধাৰাক লৈ উচ্চ ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । বিচাৰপীঠে উল্লেখ কৰে যে আৰক্ষী আইনৰ ওপৰত নহয় আৰু অপৰাধীক শাস্তি দিয়াটো আৰক্ষীৰ নহয়, ন্যায়পালিকাৰ দায়িত্ব ।

উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰৰ সংখ্যা বৃদ্ধি পোৱা, বিশেষকৈ অভিযুক্তৰ ভৰিত গুলীচালনা কৰি “এনকাউণ্টাৰ” ঘোষণা কৰাৰ ধাৰাক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । প্ৰয়াগৰাজৰ ন্যায়াধীশ অৰুণ কুমাৰ দেশৱালৰ একক বিচাৰপীঠে উল্লেখ কৰে যে আৰক্ষী আইনৰ ওপৰত নহয় আৰু অপৰাধীক শাস্তি দিয়াটো আৰক্ষীৰ নহয়, ন্যায়পালিকাৰ দায়িত্ব ।

আদালতে কয় যে প্ৰচাৰ, হাতচাপৰি বা ছ’চিয়েল মিডিয়াৰ মনোযোগৰ বাবে গুলীচালনা কৰাৰ প্ৰৱণতা কেৱল ভুলেই নহয়, বিপদজনকো । লগতে আদালতে স্পষ্ট কৰি দিয়ে যে অভিযুক্তৰ শৰীৰৰ যিকোনো অপ্ৰয়োজনীয় অংশত গুলীচালনা কৰাটোও আইনগতভাৱে গ্ৰহণযোগ্য নহয় । যদি কোনো এনকাউণ্টাৰত গুলীচালনা বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেন্তে কঠোৰ নিয়ম স্বয়ংক্ৰিয়ভাৱে প্ৰযোজ্য হ’ব ।

উচ্চ ন্যায়ালয়ে আৰক্ষীৰ বাবে ৬ দফীয়া গাইডলাইন জাৰি কৰি ইয়াক মানি চলাটো বাধ্যতামূলক কৰি পি ইউ চি এল বনাম মহাৰাষ্ট্ৰ গোচৰত উল্লেখ কৰা উচ্চতম ন্যায়ালয়ৰ গাইডলাইন কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ দিয়ে । এই নিৰ্দেশনাসমূহ পালন নকৰিলে সংশ্লিষ্ট আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক পোনপটীয়াকৈ দায়ী কৰা হ’ব আৰু ব্যক্তিগত অৱজ্ঞাৰ গোচৰৰ সন্মুখীন হ’ব পাৰে বুলি আদালতে সকীয়াই দিয়ে ।

আদালতে আৰক্ষী সঞ্চালক প্ৰধান আৰু গৃহ সচিবক আৰক্ষী বিষয়াক অভিযুক্তৰ ভৰিত গুলী মাৰিবলৈ বা এনকাউণ্টাৰৰ দাবী কৰিবলৈ কোনো মৌখিক বা লিখিত নিৰ্দেশনা দিয়া হৈছে নেকি বুলিও প্ৰশ্ন কৰে । আদালতে মন্তব্য কৰে যে এই প্ৰথা এতিয়া নিয়মিত হৈ পৰিছে, হয় উৰ্ধতন বিষয়াক সন্তুষ্ট কৰিবলৈ নহয় অভিযুক্তক শিক্ষা দিবলৈ ।

মিৰ্জাপুৰৰ দুজন অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ শুনানিৰ সময়ত এই মন্তব্য কৰে উচ্চ ন্যায়ালয়ে । আৰক্ষীৰে পৃথক সংঘৰ্ষত এই অভিযুক্ত আহত হৈছিল । এই ঘটনাত কোনো আৰক্ষী বিষয়া আহত হোৱা নাই বুলি আদালতে লক্ষ্য কৰি অস্ত্ৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক : চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ; অনুমতি অবিহনে খুলিব নোৱাৰিব ছ’চিয়েল মিডিয়া একাউণ্ট