শ্ৰীলংকাৰ পৰা আমেৰিকালৈ : টি-২০ বিশ্বকাপত চমক দিবলৈ সাজু এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ

শ্ৰীলংকাৰ পৰা আমেৰিকালৈ : টি-২০ বিশ্বকাপত চমক দিবলৈ সাজু এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ

টি-২০ বিশ্বকাপত চমক দিবলৈ সাজু এইগৰাকী প্ৰাক্তন শ্ৰীলংকান ক্ৰিকেটাৰ । ২০২১ চনত ক্ৰিকেটৰ সকলো ধৰণৰ ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল তেওঁ । ২০২৬ বৰ্ষৰ টি-২০ বিশ্বকাপৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে । ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই মেগা প্ৰতিযোগিতা আৰু ৮ মাৰ্চত অনুষ্ঠিত

টি-২০ বিশ্বকাপত চমক দিবলৈ সাজু এইগৰাকী প্ৰাক্তন শ্ৰীলংকান ক্ৰিকেটাৰ । ২০২১ চনত ক্ৰিকেটৰ সকলো ধৰণৰ ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল তেওঁ ।

২০২৬ বৰ্ষৰ টি-২০ বিশ্বকাপৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে । ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই মেগা প্ৰতিযোগিতা আৰু ৮ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল । ইফালে শুকুৰবাৰে আমেৰিকাই এই প্ৰতিযোগিতাৰ বাবে নিজৰ দল ঘোষণা কৰে ।

এই দলটোত ভাৰতীয় মূলৰ ৯ জন ক্ৰিকেটাৰ আছে । দলটোৰ অধিনায়কৰ দায়িত্বত আছে গুজৰাটৰ আনন্দত জন্মগ্ৰহণ কৰা মনাংক পেটেল । ইয়াৰ পূৰ্বে ২০২৪ চনৰ টি-২০ বিশ্বকাপত দলটোক নেতৃত্ব দিছিল তেওঁ । মনংক পেটেল, শুভম ৰঞ্জন, জে চি সিং, মিলিন্দ কুমাৰ, সৈতেজা মুক্কামালা, সঞ্জয় কৃষ্ণমূৰ্তি, হৰমীত সিং, নোস্তুষ কেনজিগে আৰু সৌৰভ নেত্ৰভালকা এই আটাইকেইজনেই ভাৰতীয় মূলৰ খেলুৱৈ । দলটোত পাকিস্তানী মূলৰ তিনিজন খেলুৱৈও আছে : শ্বায়ন জাহাংগীৰ, আলী খান আৰু মহম্মদ মহছিন ।

ইফালে এই দলটোলৈ প্ৰত্যাৱৰ্তন ঘটাইছে অৱসৰপ্ৰাপ্ত এগৰাকী শ্ৰীলংকান ক্ৰিকেটাৰে । ২০২১ চনৰ ৮ জানুৱাৰীত ক্ৰিকেটৰ সকলো ধৰণৰ ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা গোষণা কৰিছিল এইগৰাকী ক্ৰিকেটাৰে ।

কোন হয় শ্বোহান জয়সূৰ্য ?

উল্লেখ্য যে, ২০২৬ বৰ্ষৰ টি-২০ বিশ্বকাপৰ বাবে আমেৰিকাৰ এই দলটোত শ্ৰীলংকাৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা শ্বোহান জয়সূৰ্য আছে । ২০২১ চনৰ ৮ জানুৱাৰীত জয়সূৰ্যই শ্ৰীলংকাৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল । ২০২১ চনৰ জুন মাহত প্লেয়াৰ ড্ৰাফটৰ পিছত তেওঁ আমেৰিকাত অনুষ্ঠিত হোৱা মাইনাৰ্ছ লীগ ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হয় । ২০২৩ চনত মেজৰ লীগ ক্ৰিকেটৰ উদ্বোধনী ছিজনৰ বাবে ছিয়াটল অৰ্কাছত যোগদান কৰা তেওঁ এতিয়া আমেৰিকা দলৰ বাবে নিৰ্বাচিত হৈছে । ৩৪ বছৰীয়া শ্বোহানে ২০১৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত শ্ৰীলংকাৰ হৈ ১২খন এদিনীয়া (১৯৫ ৰান, ৩ উইকেট) আৰু ১৮খন টি-২০ আন্তঃৰাষ্ট্ৰীয় (২৪১ ৰাণ, ৩ উইকেট) খেলিছিল ।

১৯৯১ চনৰ ১২ ছেপ্টেম্বৰত শ্ৰীলংকাৰ ৰাজধানী কলম্বোত জন্মগ্ৰহণ কৰিছিল শ্বোহানে । প্ৰথম শ্ৰেণীৰ ৮৯খন খেলত ৬,০৭২ ৰান সংগ্ৰহ কৰি ২০০ উইকেট দখল কৰিছে তেওঁ । শ্বোহানৰ ১৪০ খন ফাৰ্ষ্ট ক্লাছ খেলত ৪,৪৩২ ৰান আৰু ১১৬ উইকেট আছে । ইয়াৰ উপৰিও তেওঁ ৯২ খন টি-২০ মেচত ১৮৪০ ৰান সংগ্ৰহ কৰি ৫৩ টা উইকেট দখল কৰিছে ।

আমেৰিকাৰ দলটোত আছে দক্ষিণ আফ্ৰিকান মূলৰ এণ্ড্ৰিজ গাউছ আৰু শ্বেডলী ভান শ্বাকৱিক । সামগ্ৰিকভাৱে আমেৰিকাৰ টি-২০ বিশ্বকাপ দলত ভাৰতীয় মূলৰ ৯ জন, পাকিস্তানী মূলৰ তিনিজন, শ্ৰীলংকাৰ মূলৰ এজন আৰু দক্ষিণ আফ্ৰিকাৰ মূলৰ দুজন খেলুৱৈ আছে ।

লগতে পঢ়ক : “আমাৰ বিমান সাজু !” পাকিস্তানক তীব্ৰ কটাক্ষ আইচলেণ্ড ক্ৰিকেটৰ

শেহতীয়া প্ৰৱন্ধসমূহ