এপল আৰু গুগলত এতিয়াও উপলব্ধ হৈ আছে বহু ‘নিষিদ্ধ এপ’। যি সমূহ এপ ব্যৱহাৰ কৰি বনোৱা হয় মহিলাৰ অশ্লীল ফটো।
ইতিমধ্যে এপল আৰু গুগলে অশ্লীল ছবি বনাব পৰা এপসমূহ নিষিদ্ধ কৰিছে।কিন্তু এক নতুন প্ৰতিবেদনত এক চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে।
টেক ট্ৰেন্সপাৰেন্সি প্ৰজেক্টৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে দুয়োটা প্লেটফৰ্মতে এনে বহুতো এপ এতিয়া উপলব্ধ আছে,যিয়ে মহিলাৰ স্বাভাৱিক এখন ফটো মহিলা গৰাকীৰ কোনো অনুমতি নোলোৱাকৈয়ে অশ্লীল ছবিলৈ ৰূপান্তৰিত কৰিব পাৰে।
প্ৰতিবেদনটোত কোৱা হৈছে যে,এপলৰ এপ ষ্ট’ৰ আৰু এণ্ড্ৰইডৰ প্লে ষ্ট’ৰত এনে বহু এপ আছে,যিয়ে মহিলাৰ স্বাভাৱিক এখন ফটো মহিলা গৰাকীৰ কোনো অনুমতি নোলোৱাকৈয়ে অশ্লীল ছবিলৈ ৰূপান্তৰিত কৰিব পাৰে। দুয়োটা প্লেটফৰ্মতে এনে এপৰ সংখ্যা ১০০ৰো অধিক।
প্ৰতিবেদনটোৰ মতে, এপলৰ এপ ষ্ট’ৰত প্ৰায় ৪৭টা আৰু প্লে ষ্ট’ৰত ৫৫টা এনে এপ আছে।এই এপসমূহত মহিলাৰ ফটো আৰু ভিডিঅ’ত তেওঁলোকৰ কাপোৰ নোহোৱা কৰা বৈশিষ্ট্য প্ৰদান কৰিছে।
এই এপসমূহ বিশ্বজুৰি উপলব্ধ।অৱশ্যে কোম্পানীয়ে এনে এপসমূহৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আঁতৰাবলৈ চেষ্টা কৰি আছে।
অৱশ্যে প্ৰতিবেদনটোত এইটো উল্লেখ কৰা হোৱা নাই যে,গৱেষণাত এই এপসমূহ কেতিয়া আৰু কিমান দিনৰ পৰা দেখা গৈছে।
প্ৰতিবেদনটোত দাবী কৰিছে যে,এই এপবোৰ এপ ষ্ট’ৰ আৰু প্লে ষ্ট’ৰত খুব সহজে বিচাৰি পোৱা যায়।নতুন এপটোত nudify বা undress আদি সহজ শব্দৰে সন্ধান কৰিব পাৰিব।এই এপসমূহ বিশ্বজুৰি ৭০ কোটি বাৰ ডাউনলোড কৰা হৈছে।
লগতে পঢ়ক: মেটাৰ বিশেষ সতৰ্কতা… ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ বাবে বন্ধ হ’ব এই বিশেষ বৈশিষ্ট্য









