‘গাঁওবাসীৰ জীৱন উন্নত কৰাৰ বাবে তেওঁ সদায় আগস্থানত কাম কৰি আহিছিল’। অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে,”মহাৰাষ্ট্ৰত হোৱা দুৰ্ঘটনাই অজিত পাৱাৰ জী আৰু কিছু সহকৰ্মীক আমাৰ পৰা কাঢ়ি লৈ গ’ল”।
” অজিত দাদাই মহাৰাষ্ট্ৰ আৰু দেশৰ উন্নয়নত বিপুল অৱদান আগবঢ়াইছিল।বিশেষকৈ গাঁৱৰ মানুহৰ জীৱন উন্নত কৰাৰ বাবে সদায় আগবাঢ়ি কাম কৰিছিল”।
“তেখেতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।এই দুৰ্ঘটনাত আমি যিসকল সতীৰ্থক হেৰুৱালো,এই দুখৰ সময়ত আমি সকলোৱে তেওঁলোকৰ লগত আছো।”
নতুন দিল্লীৰ কাৰিয়াপ্পা খেলপথাৰত এন চি চিৰ পেৰেডত ভাষণ দিয়াৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে অজিত পাৱাৰৰ মৃত্যুত এনেদৰে শোক প্ৰকাশ কৰে।
বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত তেওঁৰ বাহিৰে আন চাৰিজন লোকৰো মৃত্যু হয়।
প্ৰাণ হেৰুৱা সকলৰ ভিতৰত অজিত পাৱাৰৰ বাহিৰে তেওঁৰ পি এছ অ’ বিদীপ জাধৱ,পাইলটৰ কেপ্তেইন সুমিত কাপুৰ, কেপ্তেইন সাম্ভৱী পাঠক আৰু বিমান পৰিচাৰিকা পিকি মালি আছিল।
লগতে পঢ়ক: “শাৰদ পাৱাৰৰ দললৈ ঘূৰি যাব বিচাৰিছিল অজিত পাৱাৰ”; মমতা বেনাৰ্জীৰ চাঞ্চল্যকৰ মন্তব্য









