আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন : ৰাষ্ট্ৰপতিৰ ভাষণেৰে হ’ব আৰম্ভণি, দেওবাৰে কেন্দ্ৰীয় বাজেট

আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন : ৰাষ্ট্ৰপতিৰ ভাষণেৰে হ’ব আৰম্ভণি, দেওবাৰে কেন্দ্ৰীয় বাজেট

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে নৱমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব । উভয় সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । দেশৰ সংসদয়ী ইতিহাসত প্ৰথমবাৰৰ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে নৱমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব ।

উভয় সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । দেশৰ সংসদয়ী ইতিহাসত প্ৰথমবাৰৰ বাবে এইবাৰ দেওবাৰে সাধাৰণ বাজেট দাখিল হ’ব । ১ ফেব্ৰুৱাৰী (দেওবাৰ)ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে নৱমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব ।

ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছতে বৃহস্পতিবাৰে সংসদত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপ । এইবাৰ সাধাৰণ বাজেটৰ তিনিদিন পূৰ্বে এই অৰ্থনৈতিক জৰীপ দাখিল কৰা হ’ব । ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে চৰকাৰৰ সাফল্যৰ লগতে ভৱিষ্যতৰ নীতি আৰু অগ্ৰাধিকাৰৰ বাবে ৰোডমেপ দাঙি ধৰিব ।

হালোৱা চেৰেমনিৰে হ’ল অন্তিম পৰ্যায়ৰ আৰম্ভণি-

বাজেটৰ পূৰ্বে নৰ্থ ব্লকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অংশগ্ৰহণ কৰে পৰম্পৰাগত হালোৱা চেৰেমনিত । এই অনুষ্ঠানৰ জৰিয়তে বাজেটৰ নথি-পত্ৰ দাখিল কৰাৰ গোপনীয় প্ৰক্ৰিয়াৰ আনুষ্ঠানিক আৰম্ভণি হয় ।

দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বাজেট অধিবেশন-

বাজেট অধিবেশন দুটা ভাগত বিভক্ত কৰা হৈছে । আজিৰে পৰা আৰম্ভ হোৱা প্ৰথম পৰ্য্যায় ১৩ ফেব্ৰুৱাৰীলৈ চলিব । ইয়াৰ পিছত অধিৱেশন স্থগিত ৰখা হ’ব আৰু দ্বিতীয় পৰ্যায় ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ২ এপ্ৰিললৈকে চলিব বুলি আশা কৰা হৈছে । এই সময়ছোৱাত সংসদীয় সমিতিসমূহে বাজেট প্ৰস্তাৱসমূহ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰিব ।

১ ফেব্ৰুৱাৰী দেওবাৰে সৃষ্টি হ’ব ইতিহাস-

এইবাৰ ১ ফেব্ৰুৱাৰীত, দেওবাৰে দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট । সংসদীয় ইতিহাসত এয়া এক বিৰল অনুষ্ঠান । চৰকাৰে আনুষ্ঠানিকভাৱে এই দিনটোক “বাজেট দিৱস” হিচাপে ঘোষণা কৰিছে । এইখন নিৰ্মলা সীতাৰমণৰ একেৰাহে নৱমখন বাজেট হ’ব আৰু তেওঁ বৃহৎ অৰ্থনৈতিক সিদ্ধান্ত দাখিল কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : পৰম্পৰাগত ‘হালোৱা চেৰিমনি’ৰে আৰম্ভ হ’ল বাজেট-২০২৬ৰ কাউন্ট-ডাউন

শেহতীয়া প্ৰৱন্ধসমূহ