বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰৰ সৰ্বদলীয় বৈঠক, ৫১ দলৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰৰ সৰ্বদলীয় বৈঠক, ৫১ দলৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

বাজেট অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে মঙলবাৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক । সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে মঙলবাৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়, য’ত দুয়োখন সদনৰ বিধায়িনী কাৰ্য আৰু অন্যান্য বিভিন্ন বিষয়ৰ ওপৰত আলোচনা

বাজেট অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে মঙলবাৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক ।

সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে মঙলবাৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়, য’ত দুয়োখন সদনৰ বিধায়িনী কাৰ্য আৰু অন্যান্য বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক । তেওঁ কয়- “আমি সকলোৰে পৰামৰ্শ নোট কৰিলোঁ । এয়া বছৰৰ প্ৰথম বাজেট অধিবেশন, যি কাইলৈৰ পৰা আৰম্ভ হ’ব ।”

কাইলৈ ​​ৰাষ্ট্ৰপতিয়ে ভাষণ প্ৰদান কৰিব আৰু পিছদিনা অৰ্থনৈতিক জৰীপ দাখিল কৰা হ’ব । ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট । পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনা কৰা হ’ব । ৰিজিজুৱে কয় যে আমি সকলো পক্ষকে আলোচনাত অংশগ্ৰহণ কৰিবলৈ আৰু সংসদৰ কাম-কাজ সুচাৰুৰূপে সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছো ।

ৰিজিজুৱে কয় যে, আজিৰ এই বৈঠকত ৩৯টা দলৰ ৫১ গৰাকী নেতাই অংশগ্ৰহণ কৰে । তেওঁ কয়- আমি সকলোকে আহ্বান জনাইছো যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ । সংসদীয় গণতন্ত্ৰ বজাই ৰাখিব লাগিব আৰু যি উদ্দেশ্যৰ বাবে জনসাধাৰণে আমাক নিৰ্বাচিত কৰিছে, সেই উদ্দেশ্য পূৰণ কৰিব লাগিব । নিয়ম অনুসৰি আলোচনা চলাব লাগে বুলি তেওঁ আহ্বান জনায় । তেওঁ কয় যে, আপোনাৰ কথা কোৱাৰ স্বাধীনতা আছে, কিন্তু আনৰো সদনত নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ আছে ।”

কি কি বিষয় উত্থাপন কৰিব বিৰোধীয়ে ?

বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বাজেট অধিৱেশন সন্দৰ্ভত কংগ্ৰেছৰ লগতে আন একাংশ বিৰোধী দলে কয় যে, বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বাজেট অধিবেশনত এমএনৰেগা, মোদী চৰকাৰৰ বৈদেশিক নীতি, আমেৰিকাৰ শুল্ক, ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস, বায়ু প্ৰদূষণ আৰু জনস্বাৰ্থ সম্পৰ্কীয় কেইবাটাও বিষয় উত্থাপন কৰা হ’ব । ৰাজ্যসভাৰ কংগ্ৰেছৰ উপ-দলপতি প্ৰমোদ তিৱাৰীয়ে চৰকাৰে সাংবিধানিক অধিকাৰ বাতিল কৰাৰ লগতে সাংবিধানিক প্ৰতিষ্ঠানসমূহ দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : ‘মাদাৰ অব্ অল ডীলছ…’, ইতিহাস সৃষ্টিৰে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত সম্পন্ন বৃহৎ চুক্তি

শেহতীয়া প্ৰৱন্ধসমূহ