গণৰাজ্য দিৱসত দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ… দোহাৰিলে ‘বিকশিত ভাৰত’ৰ সংকল্প

গণৰাজ্য দিৱসত দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ… দোহাৰিলে ‘বিকশিত ভাৰত’ৰ সংকল্প

গণৰাজ্য দিৱসত দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে । সামাজিক মাধ্যমৰ পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে “উন্নত ভাৰত”ৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সোমবাৰে গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে । হিন্দী আৰু ইংৰাজী ভাষাত শুভেচ্ছা জনাই দিয়া সামাজিক

গণৰাজ্য দিৱসত দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে । সামাজিক মাধ্যমৰ পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে “উন্নত ভাৰত”ৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

সোমবাৰে গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে । হিন্দী আৰু ইংৰাজী ভাষাত শুভেচ্ছা জনাই দিয়া সামাজিক মাধ্যমৰ পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে “উন্নত ভাৰত”ৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

হিন্দী ভাষাত লিখা এটা বাৰ্তাত তেওঁ কয়, “গণৰাজ্য দিৱসত দেশবাসীলৈ আন্তৰিক শুভেচ্ছা । ভাৰতৰ গৌৰৱ, সন্মানৰ প্ৰতীক এই মহান জাতীয় উৎসৱে আপোনালোকৰ জীৱনত নতুন শক্তি আৰু উৎসাহৰ সঞ্চাৰ কৰক । উন্নত ভাৰতৰ সংকল্প আৰু অধিক শক্তিশালী হওক- এয়া মোৰ আন্তৰিক কামনা ।”

প্ৰধানমন্ত্ৰীয়ে ইংৰাজী ভাষাত সুকীয়া পোষ্টত ভাৰতীয়সকলক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায় । তেওঁ লিখিছে, “গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা । আশাকৰোঁ এই দিৱসে উন্নত ভাৰত গঢ়ি তোলাৰ আমাৰ সামূহিক সংকল্পক নতুন শক্তি আৰু উৎসাহ প্ৰদান কৰিব ।”

অমিত শ্বাহে জনালে গণৰাজ্য দিৱসৰ শুভেচ্ছা-

গণৰাজ্য দিৱস উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ নাগৰিক সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ উন্নত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে একমত প্ৰকাশ কৰে ।

তেওঁ এটা পোষ্টত লিখিছে, “গণৰাজ্য দিৱসত দেশবাসীলৈ আন্তৰিক শুভেচ্ছা । এই উপলক্ষে মই শক্তিশালী গণতন্ত্ৰৰ ভেটি স্থাপন কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু সংবিধান নিৰ্মাতাক প্ৰণাম জনাইছো । আহক আমি মোদী জীৰ নেতৃত্বত সাংবিধানিক মূল্যবোধক অধিক শক্তিশালী কৰি ‘উন্নত ভাৰত’ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰোঁ ।”

লগতে পঢ়ক : গণৰাজ্য দিৱস উদযাপনত নিমগ্ন ক্ৰীড়া জগত… গম্ভীৰৰ পৰা আৰম্ভ কৰি ৰোহিত আৰু জয় শ্বাহলৈকে জনালে শুভেচ্ছা