গণৰাজ্য দিৱসৰ দিনাই শুভাৰম্ভণি হ'ল 'TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ' পদক্ষেপৰ, আপুনিও কৰক অংশগ্ৰহণ

গণৰাজ্য দিৱসৰ দিনাই শুভাৰম্ভণি হ’ল ‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ পদক্ষেপৰ, আপুনিও কৰক অংশগ্ৰহণ

‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ পদক্ষেপৰ শুভাৰম্ভণি । এগৰাকী সচেতন নাগৰিক হিচাবে আপুনিও এই অভিযানত অংশগ্ৰহণ কৰক । গুৱাহাটীবাসীৰ বাবে এক বিশেষ খবৰ । দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত গুৱাহাটী মহানগৰীক দেশৰ ভিতৰতে এখন স্বচ্ছ আৰু নিকা চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আজিৰে

‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ পদক্ষেপৰ শুভাৰম্ভণি । এগৰাকী সচেতন নাগৰিক হিচাবে আপুনিও এই অভিযানত অংশগ্ৰহণ কৰক ।

গুৱাহাটীবাসীৰ বাবে এক বিশেষ খবৰ । দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত গুৱাহাটী মহানগৰীক দেশৰ ভিতৰতে এখন স্বচ্ছ আৰু নিকা চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ হ’ল ‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ অভিযান ।

এই জনকল্যাণমূলক পদক্ষেপৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । গুৱাহাটী পৌৰনিগমৰ (GMC) সহযোগত আৰম্ভ হোৱা এই পদক্ষেপে মহানগৰীৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

এই অভিযানত কেনেকৈ অংশগ্ৰহণ কৰিব ?

এগৰাকী সচেতন নাগৰিক হিচাপে আপুনিও এই অভিযানৰ অংশীদাৰ হ’ব পাৰে । ইয়াৰ বাবে আপুনি কৰিব লাগিব :

আপোনাৰ এলেকাত বা গুৱাহাটীৰ যিকোনো প্ৰান্তত যদি জাৱৰ-জোঁথৰ জমা হৈ থকা দেখে, তেন্তে তাৰ এখন ফটো তোলক ।

সংগ্ৰহ কৰা ফটোখন আমাৰ ৱেবচাইট time8.in লৈ প্ৰেৰণ কৰক ।

-ইয়াৰ পিছতে আপুনি তথ্য প্ৰেৰণ কৰাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে সংশ্লিষ্ট কৰ্তৃপক্ষই সেই স্থান পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব ।

এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এগৰাকী সচেতন নাগৰিক হিচাপে নিজৰ পৰিচয় দিয়াৰ লগতে আপুনি সন্মানিত হোৱাৰ সুযোগো লাভ কৰিব পাৰে । ‘TIME8’ আৰু গুৱাহাটী পৌৰনিগমৰ এই যুটীয়া প্ৰচেষ্টাই গুৱাহাটীক এক নতুন ৰূপ দিব বুলি আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : গণতন্ত্ৰ দিৱস ২০২৬… আজি কৰ্তব্য পথত বিশ্বই দেখিব ভাৰতৰ শক্তি