মুক্তিৰ পূৰ্বেই ৰেকৰ্ড বৰ্ডাৰ ২ৰ; প্ৰথমদিনাই পিছ পেলাব ধুৰন্ধৰৰ অভিলেখ

মুক্তিৰ পূৰ্বেই ৰেকৰ্ড বৰ্ডাৰ ২ৰ; প্ৰথমদিনাই পিছ পেলাব ধুৰন্ধৰৰ অভিলেখ

২৩ জানুৱাৰীত সমগ্ৰ দেশতে মুক্তি পাব ছানী দেউলৰ ছবি বৰ্ডাৰ ২। ছবিখনক লৈ উন্মাদিত হৈ পৰিছে দৰ্শক। ২৩ জানুৱাৰীত মুক্তি পাবলগীয়া ছানী দেওল, বৰুণ ধাৱন, দিলজিৎ দোসাঞ্জ আৰু আহন শেট্টীৰ ছবি ‘বৰ্ডাৰ ২’ৰ উন্মাদনাৰ মাজত আছে দৰ্শক সকলক।দৰ্শক সকলে ছবিখনৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি

২৩ জানুৱাৰীত সমগ্ৰ দেশতে মুক্তি পাব ছানী দেউলৰ ছবি বৰ্ডাৰ ২। ছবিখনক লৈ উন্মাদিত হৈ পৰিছে দৰ্শক।

২৩ জানুৱাৰীত মুক্তি পাবলগীয়া ছানী দেওল, বৰুণ ধাৱন, দিলজিৎ দোসাঞ্জ আৰু আহন শেট্টীৰ ছবি ‘বৰ্ডাৰ ২’ৰ উন্মাদনাৰ মাজত আছে দৰ্শক সকলক।দৰ্শক সকলে ছবিখনৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

বলীউডৰ প্ৰবীণ অভিনেতা ছানি দেউলে যেন তেওঁৰ আগন্তুক যুদ্ধৰ ছবি ‘বৰ্ডাৰ ২’ৰ জৰিয়তে এই খৰাং পৰিস্থিতিৰ অন্ত পেলাবলৈ সাজু হৈছে।

শুকুৰবাৰে চিনেমাগৃহত মুক্তি পাবলগীয়া ছবিখন আৰু আগতীয়াকৈ ইংগিত পোৱা গৈছে যে ছবিখনে হয়তো যথেষ্ট উপাৰ্জন কৰাৰ উপৰিও বক্স অফিচৰ বহু অভিলেখ ভংগ কৰিব পাৰে।অনুমান কৰা হৈছে যে এয়াই ছানী দেউলৰ কেৰিয়াৰৰ এতিয়ালৈকে সৰ্ববৃহৎ অপেনিং বুলি প্ৰমাণিত হ’ব পাৰে।

বুধবাৰৰ পৰা ভাৰতত ‘বৰ্ডাৰ ২’ৰ এডভান্স বুকিং আৰম্ভ হয়।বৰ্তমান সমগ্ৰ বিশ্বতে ছবিখনৰ এডভান্স বুকিং দ্ৰুত গতিত চলি আছে।প্ৰথম দিনৰ এডভান্স বুকিঙৰ পৰা বৃহস্পতিবাৰে পুৱা ৯ বজালৈকে ছবিখনে প্ৰায় ৫.৯৪ কোটি টকা উপাৰ্জন কৰিছে।

‘বৰ্ডাৰ ২’ হৈছে ১৯৯৭ চনৰ জে পি দত্তৰ আইকনিক ব্লকবাষ্টাৰ ছবি ‘বৰ্ডাৰ’ৰ ছিকুৱেল।ছবিখন অনুৰাগ সিঙে পৰিচালনা কৰিছে।

ছবিখনত মুখ্য চৰিত্ৰত ছানী দেওল, বৰুণ ধৱন, দিলজিৎ দোসাঞ্জ আৰু আহন শেট্টীয়ে অভিনয় কৰিছে ।ভূষণ কুমাৰ, কৃষণ কুমাৰ, জে পি দত্ত আৰু নিধি দত্তই যৌথভাৱে প্ৰস্তুত কৰিছে।

লগতে পঢ়ক: OTT প্লেটফৰ্মত সম্পপ্ৰচাৰ নহয় বিগ বছৰ চতুৰ্থ ছিজন; চিৰদিনৰ বাবে বাতিলৰ সিদ্ধান্ত