‘ভাৰতত খেলাটো আমাৰ বাবে নিৰাপদ নহয়…'; ICC ৰ সকীয়নিৰ পিছত আমিনুল ইছলাম বুলবুলৰ বিস্ফোৰক মন্তব্য

‘ভাৰতত খেলাটো আমাৰ বাবে নিৰাপদ নহয়…’; ICC ৰ সকীয়নিৰ পিছত আমিনুল ইছলাম বুলবুলৰ বিস্ফোৰক মন্তব্য

ICC ৰ সকীয়নিৰ পিছত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলাম বুলবুলে ভাৰতক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC) এ দিয়া সময়সীমাৰ পিছত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলাম বুলবুলে নিজৰ স্থিতি স্পষ্ট কৰি কয় তেওঁ চৰকাৰৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰিব

ICC ৰ সকীয়নিৰ পিছত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলাম বুলবুলে ভাৰতক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC) এ দিয়া সময়সীমাৰ পিছত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলাম বুলবুলে নিজৰ স্থিতি স্পষ্ট কৰি কয় তেওঁ চৰকাৰৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰিব নিবিচাৰে,কিন্তু ভাৰতত ২০২৬ চনৰ টি-২০ বিশ্বকাপ খেলাৰ ক্ষেত্ৰত তেওঁৰ স্থিতি অপৰিৱৰ্তিত হৈ আছে।

ICC  ৰ পৰা আনুষ্ঠানিক নিৰ্দেশ লাভ কৰাৰ পিছত আমিনুল ইছলাম বুলবুলে বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নাজৰুলক সাক্ষাৎ কৰে।

এই বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে বৃহস্পতিবাৰে (২২ জানুৱাৰী) দুপৰীয়াৰ পূৰ্বে বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত খেলুৱৈৰ সৈতে বৈঠকত মিলিত হ’ব আছিফ নাজৰুল।এই বৈঠকত খেলুৱৈসকলৰ মতামত ল’ব পাৰে যে তেওঁলোকে ভাৰতত বিশ্বকাপ খেলিব বিচাৰে নে নাই।

অৱশ্যে ডাঙৰ প্ৰশ্নটো হ’ল- খেলুৱৈসকলে ভাৰতত খেলাৰ পক্ষত থাকিলে বিচিবিয়ে নিজৰ স্থিতি সলনি কৰিবনে? এই সন্দৰ্ভত বুলবুলে স্পষ্টকৈ কয় যে বাংলাদেশৰ চৰকাৰী স্থিতি এতিয়াও একেই আছে আৰু তেওঁলোকে ভাৰতৰ পৰিৱৰ্তে শ্ৰীলংকাত বিশ্বকাপৰ খেল খেলিব বিচাৰে।

ক্ৰীড়া উপদেষ্টাগৰাকীৰ সৈতে হোৱা বৈঠকৰ অন্তত বুলবুলে কয়- ‘মই ICC ৰ পৰা এটা অলৌকিকতা আশা কৰিছো। বিশ্বকাপ খেলিব কোনে নিবিচাৰে? ‘

‘কিন্তু মই চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নিবিচাৰো। মই জানো যে ভাৰত আমাৰ বাবে সুৰক্ষিত নহয়। সেই কাৰণে আমি শ্ৰীলংকাত খেলিব বিচাৰিছো। আৰু মোৰ স্থিতি এতিয়াও এটাই আছে’।

তেওঁ আৰু কয় যে, ‘ICC এ তেওঁলোকক চৰকাৰৰ সৈতে কথা পাতিবলৈ ২৪ৰ পৰা ৪৮ ঘণ্টা সময় দিছে,কিন্তু ইয়াৰ পিছতো তেওঁ চৰকাৰৰ ওপৰত হেঁচা দিয়াৰ পক্ষপাতী নহয়’।

‘মই জানো যে ICC এ আমাৰ দাবী নাকচ কৰিছে, কিন্তু যেতিয়া কোনো সিদ্ধান্ত লোৱা হয় তেতিয়া চৰকাৰে কেৱল খেলুৱৈকে নহয়,বৰং সকলো দিশকে চাব লাগিব’।

লগতে পঢ়ক: প্ৰথমখন T-20 ত নিউজিলেণ্ডৰ বিৰু্দ্ধে ভাৰতৰ জয়…

শেহতীয়া প্ৰৱন্ধসমূহ