মহাকাশ উৰণত অসংখ্য অভিলেখ গঢ়া মহাকাশচাৰী সুনীতা উইলিয়ামছে ২৭ বছৰীয়া সেৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিছে ।
২৭ বছৰৰ দিঘলীয়া আৰু ঐতিহাসিক সেৱাৰ অন্তত নাছাৰ প্ৰখ্যাত মহাকাশচাৰী সুনীতা উইলিয়ামছে সংস্থাটোৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ২০২৫ চনৰ ২৭ ডিচেম্বৰৰ পৰা তেওঁৰ অৱসৰ কাৰ্যকৰী হয় । ঐতিহাসিক কেৰিয়াৰৰ সময়ছোৱাত সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত তিনিটা মিছন সম্পূৰ্ণ কৰি মানৱ মহাকাশ উৰণৰ ক্ষেত্ৰত অসংখ্য অভিলেখ গঢ়িছিল ।
নাছাৰ তথ্য অনুসৰি সুনীতা উইলিয়ামছে মহাকাশত মুঠ ৬০৮ দিন কটায়, যিটো নাছাৰ যিকোনো মহাকাশচাৰীয়ে কটোৱা মুঠ সময়ৰ দ্বিতীয় সৰ্বাধিক । তেওঁ ৯টা স্পেচৱাক কৰিছিল, যাৰ মুঠ সময় ৬২ ঘণ্টা ৬ মিনিট আছিল । এগৰাকী মহিলা মহাকাশচাৰীৰ এইটোৱেই আটাইতকৈ বেছি স্পেচৱাক আৰু তেওঁ সামগ্ৰিকভাৱে এই ক্ষেত্ৰত চতুৰ্থ স্থানত আছে । তদুপৰি মহাকাশত মাৰাথন দৌৰা প্ৰথমজন ব্যক্তি হিচাপেও পৰিগণিত হয় সুনীতা ।
নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে কয় যে সুনীতা উইলিয়ামছ আছিল মানৱ মহাকাশ উৰণৰ পথ প্ৰদৰ্শক আৰু মহাকাশ কেন্দ্ৰত তেওঁৰ নেতৃত্বৰ জৰিয়তে ভৱিষ্যতৰ অভিযানৰ ভেটি স্থাপন কৰিছিল । তেওঁৰ অৱদানে চন্দ্ৰলৈ আৰ্টেমিছ অভিযান আৰু ভৱিষ্যতে মংগল গ্ৰহ অভিযানৰ পথ প্ৰশস্ত কৰিছে ।
২০০৬ চনৰ ডিচেম্বৰ মাহত প্ৰথমবাৰৰ বাবে স্পেচ শ্বাটল ডিছকভাৰীত উৰা মাৰিছিল সুনীতা উইলিয়ামছে । ২০১২ চনত কাজাখস্তানৰ বাইকনুৰ কচমোড্ৰমৰ পৰা মহাকাশলৈ যাত্ৰা কৰিছিল আৰু মহাকাশ কেন্দ্ৰৰ কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহত বয়িং ষ্টাৰলাইনাৰ অভিযানত মহাকাশলৈ উৰা মাৰি ২০২৫ চনৰ মাৰ্চ মাহত পৃথিৱীলৈ উভতি আহিছিল তেওঁ ।
নাছাৰ জনছন স্পেচ চেণ্টাৰৰ সঞ্চালিকা ভেনেছা ৱাইচে কয় যে সুনীতা উইলিয়ামছৰ কেৰিয়াৰত নেতৃত্ব, নিষ্ঠা আৰু সাহস সন্নিবিষ্ট কৰা হৈছে, যিয়ে আগন্তুক প্ৰজন্মৰ মহাকাশচাৰীসকলক অনুপ্ৰাণিত কৰি থাকিব ।
অৱসৰৰ পিছতে সুনী উইলিয়ামছে কয় যে মহাকাশ তেওঁৰ প্ৰিয় বাসস্থান আৰু নাছাত থকা সময়খিনি তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান । তেওঁৰ এই কামে চন্দ্ৰ আৰু মংগল গ্ৰহলৈ অভিযানৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে ।
লগতে পঢ়ক : চন্দ্ৰলৈ বৃহৎ অভিযানৰ প্ৰস্তুতি! ২০৪০ৰ ভিতৰত চন্দ্ৰলৈ ভাৰতে প্ৰেৰণ কৰিব মহাকাশচাৰী









