শিখা শৰ্মাৰ লাজ নাই। শিখা শৰ্মাৰ বিতৰ্কিত পোষ্টক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে।
সামাজিক মাধ্যমত হাৰ্টথ্ৰব জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে শিখা শৰ্মা। শিখা শৰ্মাৰ বিৰুদ্ধে এতিয়া গৰিমা শইকীয়া গাৰ্গে শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
শিখা শৰ্মাৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘ শিখা শৰ্মাক ইমানদিনে মানসীক ৰোগী বুলি ভাৱি আওকাণ কৰি আহিছিলো। জুবিনৰ সত্তাটো কি সেয়া সকলোৱে জানে। অসমক জুবিনে কি দি থৈ গৈছে সেই কথা কোৱাৰ প্ৰয়োজন নাই।
তেওঁ লগতে কয় যে, শিখা শৰ্মাই দিনে ৰাতিয়ে জুবিন গাৰ্গক লৈ অশালীন মন্তব্য কৰিছে। আনকি তেওঁ আমাৰ ভগ্নী, শয্যাগত পিতৃকো এৰা নাই।
শিখা শৰ্মা নিকৃষ্ট মানসিকতাৰ ব্যক্তি। তেওঁ অসম আৰু অসমীয়াক ভাল নাপাই। জুবিন গাৰ্গৰ সত্তাক লৈ কৰা মন্তব্য কেতিয়াও সহ্য কৰা নহ’ব।
শিখা শৰ্মাৰ লাজ নাই।যাৰ বাবে জুবিন গাৰ্গক শেষ কৰি পেলোৱা মানুহক সমৰ্থন কৰিছে। শিখা শৰ্মাৰ এনে পোষ্টৰ ফলত ৰাজ্যত উচ্ছৃঙ্খল পৰিৱেশৰ সৃষ্টি হ’ব পাৰে বুলিও গৰিমা শইকীয়াই মন্তব্য কৰে।









