‘গোবিন্দাক কেতিয়াও ক্ষমা নকৰো’; স্বামীৰ অবৈধ প্ৰেমক লৈ মুখখুলিলে সুনিতা আহুজাই

‘গোবিন্দাক কেতিয়াও ক্ষমা নকৰো’; স্বামীৰ অবৈধ প্ৰেমক লৈ মুখখুলিলে সুনিতা আহুজাই

গোবিন্দা অবৈধ প্ৰেমক লৈ মৌনতা ভংগ কৰিছে পত্নী সুনিতা আহুজাই। সুনিতাই কয় যে ‘গোবিন্দাক কেতিয়াও ক্ষমা নকৰো’। বলীউডৰ হিৰো নম্বৰ ৱান গোবিন্দা আৰু সুনীতা আহুজা প্ৰায়ে তেওঁলোকৰ বিবাহিত জীৱনক লৈ শিৰোনামত থাকে।সুনীতাই প্ৰায়ে স্বামী গোবিন্দাৰ অবৈধ প্ৰেমক লৈ চৰ্চিত হৈ থকা উৰা বাতৰিক লৈ চলি

গোবিন্দা অবৈধ প্ৰেমক লৈ মৌনতা ভংগ কৰিছে পত্নী সুনিতা আহুজাই। সুনিতাই কয় যে ‘গোবিন্দাক কেতিয়াও ক্ষমা নকৰো’।

বলীউডৰ হিৰো নম্বৰ ৱান গোবিন্দা আৰু সুনীতা আহুজা প্ৰায়ে তেওঁলোকৰ বিবাহিত জীৱনক লৈ শিৰোনামত থাকে।সুনীতাই প্ৰায়ে স্বামী গোবিন্দাৰ অবৈধ প্ৰেমক লৈ চৰ্চিত হৈ থকা উৰা বাতৰিক লৈ চলি থকাৰ কথা মুকলিকৈ কয়।

এতিয়া তেওঁ আকৌ এবাৰ স্বামীৰ অবিশ্বাসক লৈ নিজৰ মৌনতা ভংগ কৰি আচৰিত মন্তব্য কৰিছে,যিটো শুনি সকলো আচৰিত হৈছে।

এটা প’ডকাষ্টত সুনিতাই গোবিন্দাৰ অবৈধ প্ৰেমৰ কথা মুকলিকৈ কৈছে। লগতে সুনীতাই দাবী কৰে যে গোবিন্দই তেওঁৰ পুত্ৰ যশক তেওঁৰ কেৰিয়াৰত সহায় কৰা নাছিল।তেওঁ পিতৃ হিচাপে নিজৰ কৰ্তব্য পালন কৰা নাছিল।

গোবিন্দাৰ কথা উল্লেখ কৰি সুনিতাই কয় যে,মই গোবিন্দাক কেতিয়াও ক্ষমা নকৰো। মই নেপালৰ। মই যদি খুকুৰি উলিয়াবলৈ হ’লে সকলোৰে অৱস্থা বেয়া হ’ব। সেইবাবেই মই কৈছোঁ, সজাগ হওক বেটা, এতিয়াও সময় আছে।

অৱশ্যে এই প’ডকাষ্টৰ এটা প্ৰ’ম’ ভিডিঅ’হে এতিয়ালৈকে মুকলি কৰা হৈছে।কিন্তু সুনীতাই প্ৰ’ম’ত স্বামীৰ বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰা কথাই আলোড়নৰ সৃষ্টি কৰিছে।

অবৈধ প্ৰেমৰ কথা ইংগিত দি সুনিতাই কয় যে,তেনেকুৱা ছোৱালী বহুত আছে।কিন্তু তুমি অলপ বুৰ্বক। তোমাৰ বয়স ৬৩ বছৰ।টিনাক বিয়া দিয়াৰ সময় আহিছে। যশৰ কেৰিয়াৰ বাজিত পৰিছে।এতিয়া সুনিতাই কোনজনী যুৱতীৰ কথা ইংগিত কৰিছে সেইটো তেওঁ হে ক’ব পাৰিব।

লগতে পঢ়ক: ‘১০ কোটি দিয়ক নহ’লে সমাধিস্থ কৰা হ’ব…’; কণ্ঠশিল্পী বি প্ৰাকক লৰেন্স গেঙৰ ভাবুকি

শেহতীয়া প্ৰৱন্ধসমূহ