অৱশেষত হানী সিঙে দিল্লীবাসীক খুজিলে ক্ষমা; ক’লে প্ৰকৃত কাৰণ

অৱশেষত হানী সিঙে দিল্লীবাসীক খুজিলে ক্ষমা; ক’লে প্ৰকৃত কাৰণ

মঞ্চতে অশ্লীল মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰা হানী সিঙে বিচাৰিলে ক্ষমা। ভিডিঅ’ যোগে জনালে প্ৰকৃত কাৰণ ১৪ জানুৱাৰীৰ পৰা সামাজিক মাধ্যমত ৰেপাৰ য়ো য়ো হানী সিঙক ট্ৰল কৰি থকা হৈছে। দৰাচলতে সামাজিক মাধ্যমত তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত হানী সিঙে মঞ্চতে অশ্লীল

মঞ্চতে অশ্লীল মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰা হানী সিঙে বিচাৰিলে ক্ষমা। ভিডিঅ’ যোগে জনালে প্ৰকৃত কাৰণ

১৪ জানুৱাৰীৰ পৰা সামাজিক মাধ্যমত ৰেপাৰ য়ো য়ো হানী সিঙক ট্ৰল কৰি থকা হৈছে। দৰাচলতে সামাজিক মাধ্যমত তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত হানী সিঙে মঞ্চতে অশ্লীল কথা কোৱা দেখিবলৈ পোৱা গৈছিল। যাৰ বাবে তেওঁ বিতৰ্কৰ মাজত সোমাই পৰিছিল। কিন্তু অৱশেষত হানী সিঙে দিল্লীবাসীৰ ওচৰত ক্ষমা খুজিলে।

হানী সিঙে ইনষ্টাগ্ৰামত তেওঁৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে,য’ত তেওঁ নিজৰ বিতৰ্কিত ভাইৰেল ভিডিঅ’ৰ কথা কৈছে।

হানী সিঙে কৈছে যে, ৰাতিপুৱাৰ পৰা তেওঁৰ এটা সম্পাদিত ভিডিঅ’ ভাইৰেল হৈ পৰিছে।ভাইৰেল ভিডিঅ’টোৰ সমগ্ৰ কাহিনী তেওঁ নিজৰ ভাষাত বৰ্ণনা কৰে।

হানী সিঙে কয় যে, ‘মই মাত্ৰ শ্ব’টোৰ অতিথি আছিলোঁ।শ্ব’টোলৈ যোৱাৰ মাত্ৰ দুদিন আগতে মই কিছুমান স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু কিছুমান যৌন বিশেষজ্ঞৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ।’

‘গতিকে কথা-বতৰাৰ সময়ত তেওঁলোকে মোক কয় যে আজিৰ যুৱক-যুৱতী,যৌন সংক্ৰামক ৰোগত আক্ৰান্ত।এই কথাটো দিনক দিনে বৃদ্ধি পাইছে,মানুহে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰিছে’।

‘শ্ব’টোলৈ যোৱাৰ সময়ত মই gen-G দৰ্শক দেখিলোঁ। মোৰ চিন্তা আছিল gen-G ক নিজৰ ভাষাত এটা বাৰ্তা দিয়া যে তেওঁলোক অসুৰক্ষিত যৌন সম্পৰ্কত লিপ্ত হ’ব নালাগে’।

‘ কিন্তু মই ভাবিলোঁ যে মই অ’টিটি ভাষাত, আজিকালি প্ৰচলিত ভাষাটোত মই কথা কোৱা উচিত যাতে তেওঁলোকে ভালদৰে বুজিব পাৰে।’

হানী সিঙে আৰু কয়, কিন্তু বহু দৰ্শকে এই কথাটো বেয়া পালে। মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। কাকো আঘাত দিয়াৰ বাবে মোৰ কোনো উদ্দেশ্য নাছিল। মই মোৰ জিভা নিয়ন্ত্ৰণ কৰিম আৰু যিকোনো কথা কোৱাৰ আগতে ভালদৰে চিন্তা কৰিম’।

লগতে পঢ়ক: ‘যিসকল সৃষ্টিশীল নহয় তেওঁলোকৰ ক্ষমতা আছে’; বলীউডত কাম নোপোৱাত দুখ প্ৰকাশ এ আৰ ৰহমানৰ